ডিমা হাছাও,1ডিচেম্বৰঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচাৰ সন্মুখত এতিয়া নতুন বিপদ । অন্ধকাৰৰ দিশে দেৱলাল গাৰ্লচাৰ ৰাজনৈতিক ভৱিষ্যতো । মঙলবাৰে অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত দেৱলাল গাৰ্লচাৰ বিৰুদ্ধে ৰুজু থকা গোচৰৰ অন্তিম খন শুনানি গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ গোচৰ নং Crl.Pet/1181/2018P/H LCR 3 FILS ৰ অন্তিমখন শুনানি গ্ৰহণ কৰাৰ পিছতে এতিয়া চূড়ান্ত ৰায়দানৰ দিন-বাৰ ঠিক কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
ইপিনে মঙলবাৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য পূৰনেন্দু লাংথাচা আৰু কাৰ্যনিৰ্বাহক সদস্য নিন্দু লাংথাচাৰ হত্যাৰ গোচৰতো হাফলং চিজেএম-ৰ আদালতে শুনানি গ্ৰহণ কৰে ৷ এই শুনানি গ্ৰহণৰ সময়ত হাজিৰ কৰোৱা হয় চিইএম দেৱলাল গাৰ্লচাক। চিজেএম আদালতে এই হত্যাকাণ্ডৰ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ দিন অহা 7 ডিচেম্বৰত ধাৰ্য কৰে ৷ তদুপৰি ডিমা হাছাও আৰক্ষীক 7 ডিচেম্বৰত পূৰনেন্দু আৰু নিন্দু হত্যাকাণ্ডৰ শুনানি গ্ৰহণৰ সময়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰো নিৰ্দেশ দিয়ে ৷
উল্লেখ্য যে, 2007 চনত দেহাঙি আৰক্ষী থানাৰ অন্তৰ্গত লাংলাই হাচনু গাঁৱত তেতিয়াৰ দুধর্ষ উগ্ৰপন্থী সংগঠন ডিএইচডিয়ে হত্যা কৰিছিল তদানীন্তন উত্তৰ কাছাৰ স্বায়ত্ব পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পূৰনেন্দু লাংথাচা আৰু কাৰ্যনিৰ্বাহক সদস্য নিন্দু লাংথাচাক ৷ 2008 চনত দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত আৰদা গাঁৱত অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক হত্যা কৰিছিল উগ্ৰপন্থী সংগঠনটোৱে ৷ লক্ষণীয়ভাৱে এই তিনিওটা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল বৰ্তমান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লচা।
লগতে পঢ়কঃ বাৰাণসীত ৰাজীৱ গান্ধীৰ প্ৰতিমূৰ্তি বিনষ্ট,অশোক গেহলোটৰ প্ৰতিক্ৰিয়া প্ৰকাশ