ডিমা হাছাও,16 নৱেম্বৰ : ৰাজ্যৰ সমান্তৰালকৈ সোমবাৰে হাফলঙত প্ৰেছ ক্লাবত ডিমা হাছাও জাৰ্ণেলিষ্ট ইউনিয়নৰ উদ্যোগত আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ এইবেলি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ মূল বিষয়বস্তু আছিল ‘‘ক’ভিড মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা’’ ।
হাফলং লেডিছ ৱেলফেয়াৰ চ’ছাইটিৰ ভৱনত অনুষ্ঠিত হোৱা প্ৰেছ দিৱসৰ এই কাৰ্যসূচীত ক’ভিড মহামাৰীৰ প্ৰভাৱ আৰু সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক আলোচনা কৰা হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালিকা ডাঃ দিপালী বৰ্মন ৷
ইয়াৰোপৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংলো, SDIPRO পূৰ্ণিমা দাওলাগাপু, হাফলং প্ৰেছ ক্লাৱৰ সভাপতি সূৰ্য থাওচেন, সাধাৰণ সম্পাদক বিপ্লৱ দেৱ, ডিমা হাছাও জাৰ্ণেলিষ্ট ইউনিয়নৰ সাধাৰণ সম্পাদক নিৰ্মল সিং আৰু জিলাখনৰ সাংবাদিকসকল উপস্থিত থাকে ।
লগতে পঢ়ক : প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কাকপথাৰৰ প্ৰেছ ক্লাবৰ