ETV Bharat / state

Lumding-Badarpur rail service: পুনৰ আৰম্ভ লামডিং-বদৰপুৰ ৰেলসেৱা - railway service restart

লামডিং-বদৰপুৰ-আগৰতলা ব্ৰডগজ ৰেলপথত আজিৰে পৰা যাত্ৰীবাহী ৰেল চলাচল পুনৰ স্বাভাৱিক হৈ উঠিছে(Lumding-Badarpur railway service restart)। লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথত ভূমিস্খলনৰ ফলত দুমাহ 10 দিন ৰেল চলাচল বন্ধ থকাৰ পিচতে আজিৰে পৰা লামডিং-বদৰপুৰ-আগৰতলাৰ মাজত পুনৰ আৰম্ভ হৈছে যাত্ৰীবাহী ৰেল চলাচল ।

Lumding-Badarpur railway service restart

author img

By

Published : Jul 22, 2022, 12:59 PM IST

ডিমা হাছাও,22 জুলাই: আজি পুৱা প্ৰায় 7 বাজি 20 মিনিটত শিলচৰৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিছে শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰেল গাড়ীখন । আজি নিশা 11 বাজি 55 মিনিটত গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখন । অন্যহাতে শিয়ালদহ-আগৰতলা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন আজি পুৱা শিয়ালদাহৰ পৰা আগৰতলা অভিমুখে যাত্ৰা কৰে । কাইলৈ আগৰতলা-শিয়ালদহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন আগৰতলাৰ পৰা শিয়ালদহ অভিমুখে যাত্ৰা কৰিব । লগতে পুৱা শিয়ালদহ-শিলচৰ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন শিয়ালদহৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব ।

24 জুলাইত কয়ম্বটোৰ-শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখন কয়ম্বটোৰৰ পৰা শিলচৰ অভিমুখে যাত্ৰা কৰিব । 25 জুলাইত শিলচৰ-শিয়ালদহ কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ ৰেলগাড়ীখন শিলচৰৰ পৰা শিয়ালদহ অভিমুখে যাত্ৰা কৰিব । অহা 30 জুলাইৰ পৰা গুৱাহাটী-বদৰপুৰ-গুৱাহাটীৰ মাজত চলাচল কৰা ভিষ্টাড'ম ৰেলগাড়ীখন পুনৰ আৰম্ভ হব বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই ।

উল্লেখযোগ্য যে,ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত লামডিং-বদৰপুৰ ব্ৰডগজ ৰেলপথ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছিল আৰু বন্ধ হৈ পৰিছিল ৰেল চলাচল((Lamding Badarpur Agartala Broad gauge railway line) ৷ ৰেলপথটোৰ 85 কিলোমিটাৰ এলেকাৰ 61 স্থান ক্ষতিগ্ৰস্থ হোৱাৰ বাবে অনিৰ্দিষ্টকালৰ বাবে ৰেল চলাচল বন্ধ হৈ পৰিছিল । ইয়াৰ পিচতে উত্তৰ-পূৱ সীমান্ত ৰেল কৰ্তৃপক্ষই যুদ্ধকালীন তৎপৰতাৰে ৰেলপথটো মেৰামতি কৰি সুচল কৰি তোলে আৰু 13 জুলাইৰ পৰা লামডিং-বদৰপুৰ আৰু আগৰতলা ৰেলপথত পণ্যবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয় । ইয়াৰ পিচতে আজিৰ পৰা পুনৰ লামডিং-বদৰপুৰ-আগৰতলা ব্ৰডগজ ৰেলপথত পুনৰ যাত্ৰী ৰেল সেৱা সুচল হৈ উঠাত আকৌ ৰেলপথত দেশৰ অন্যান্য অংশৰ লগত সংযুক্ত হল বৰাক উপত্যকাসহ মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা।

লগতে পঢ়ক:Protest in Rangapara: বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.