ETV Bharat / state

Husband Killed wife: অসুস্থ পত্নীক জীৱন্তে জ্বলাই হত্যা কৰিলে স্বামীয়ে !

author img

By

Published : Mar 30, 2023, 7:49 PM IST

ডিমা হাছাওত দীৰ্ঘদিন ধৰি শয্যাগত হৈ থকা পত্নীক জীৱন্তে জ্বলাই হত্যা কৰিলে স্বামীয়ে ৷ আৰক্ষীক সন্মুখত অকপট স্বীকাৰোক্তি অভিযুক্ত স্বামীৰ (Husband burnt wife in Dima Hasao)৷

Husband burnt wife in Dima Hasao
ৰোগীয়া পত্নীক জীৱন্তে জ্বলাই হত্যা স্বামীৰ

হাফলং 30 মাৰ্চ: অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত অমানৱীয় ঘটনা সংঘটিত হৈছে (Murder case in Dima Hasao)৷ অতি নিৰ্মমভাৱে স্বামীয়ে পত্নীক জ্বলাই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ এই নিৰ্মম হত্যাকাণ্ডৰ ঘটনাক লৈ সমগ্ৰ ডিমা হাছাও জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Husband burnt wife in Dima Hasao)।

ঘটনা অনুসৰি বুধবাৰ নিশা ডিমা হাছাও জিলাৰ হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত মিয়াংক্ৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা । অভিযোগ মতে মিয়াংক্ৰ গাঁৱৰ বাসিন্দা জয় চাৰন লাংথাচাই তেওঁৰ পত্নী বিনীতা হাফলংবাৰক নিজৰ গৃহত অগ্নিসংযোগ কৰি জীৱন্ত জ্বলাই হত্যা কৰে (Husband burnt wife)। মঙলবাৰে মিয়াংক্ৰ গাঁৱত এখন বিয়া আছিল আৰু এই সুযোগতে জয়চৰন লাংথাচায় তেওঁৰ নিজৰ বাসগৃহত অগ্নিসংযোগ কৰি জ্বলাই দিয়ে নিজৰ পত্নীক বুলি অভিযোগ উত্থাপন হৈছে ৷

বিনীতা হাফলংবাৰ যোৱা 7 মাহৰ অধিক কাল অসুস্থ হৈ আছিল ৷ তেওঁ বিছনাৰ পৰা উঠিব নোৱাৰাৰ উপৰিও কথাও ক’ব পৰা অৱস্থা নাছিল ৷

ইপিনে এই ঘটনা সন্দৰ্ভত ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনলজ্যোতি দাসে সংবাদমাধ্যমক জনায় যে, বুধবাৰে নিশা হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত মিয়াংক্ৰ গাঁৱত এঘৰ মানুহত জুই লগাৰ খবৰ পোৱা গৈছিল ৷ এই খবৰ লাভ কৰিয়েই হাৰেংগাজাও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ ঘৰৰ ভিতৰত বিনীতা হাফলংবাৰ নামৰ এগৰাকী মহিলাক অগ্নিদগ্ধ হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰে।

লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে এই ঘটনা সন্দৰ্ভত বিনীতা হাফলংবাৰৰ স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে (Accused husband arrested) ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ হৈছে ৷ পত্নীক হত্যাৰ অভিযোগত অভিযুক্ত জয়চৰণ লাংথাচাক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ আগতে জয়চৰণ লাংথাচা কয় যে পূৰ্বতেই তেওঁৰ পত্নীৰ মৃত্যু হৈছিল আৰু আৰু মৃত্যুৰ পিচতেই নিশা তেওঁ নিজৰ গৃহত অগ্নিসংযোগ কৰি মৃত্যু হোৱা পত্নীক জ্বলাই দিয়ে ।

লগতে পঢ়ক: Attempt To Murder Case: ৰমজানৰ মাজতে পত্নীক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা ছামচুদ্দিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.