ডিমা হাছাও, ৯ জানুৱাৰী: হাফলঙৰ ডিমালিক ৰাজিত ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যঘৰ 'বাইকো' উদ্বোধন কৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাই । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে উগ্ৰপন্থী সংগঠন ডিএইচডিয়ে স্বাক্ষৰিত কৰা এক চুক্তি অনুসৰি ডিমা হাছাও জিলাৰ ডিমাচা অধ্যিষিত গাঁওসমূহত 'বাইকো' নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে । এই আঁচনিৰ অধীনত বিভিন্ন গাঁৱত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে 'বাইকো' নিৰ্মাণ কৰিছে ।
শনিবাৰে হাফলঙৰ ডিমালিক ৰাজিত নৱনির্মিত 'বাইকো' উদ্বোধন কৰে চিইএম দেৱলাল গাৰ্লচাই । উল্লেখ্য যে, ডিমাচা জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্যঘৰ 'বাইকো'ত জনগোষ্ঠীয় লোকসকলে বিভিন্ন সামাজিক অনুষ্ঠান আৰু ডিমাচা বিহু বুছু ডিমা উৎসৱ পালন কৰে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাংথাচা, পাৰ্বত্য পৰিষদৰ ইএম নিপোলাল হোজাই আৰু নন্দিতা গাৰ্লচাৰ লগতে স্থানীয় ৰাইজ ।
লগতে পঢ়ক:2021 ত অসমত জাতীয়তাবাদৰ চৰকাৰ হ'ব: লুৰিণজ্যোতি গগৈ