ডিমা হাছাও,30 নৱেম্বৰ: আজি গুৰুনানক জয়ন্তী ৷ হাফলংত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় শিখ গুৰু গুৰুনানকৰ জন্ম জয়ন্তী । ৰাতিপুৱাৰে পৰা প্ৰাৰ্থনা ভজন আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। হাফলঙৰ গুৰুদ্ৱাৰত সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি উদযাপন কৰা হয় গুৰুনানক জয়ন্তী।
![as_haflang_guru_nanak_jayanti_ AS10034](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-07-30nov-guru-jayanti-visbite-7203829_30112020153600_3011f_01631_698.jpg)
হোজাই: হাফলঙৰ লগতে হোজাই জিলাতো গুৰুনানকৰ ৫৫১ তম জন্মোৎসৱ উদযাপন কৰা হয় ৷ লংকাত থকা গুৰুদ্বাৰত তিনি দিনীয়াকৈ উলহ মালহেৰে পালন কৰা হয় শিখ গুৰু গুৰুনানকৰ জন্ম জয়ন্তী। গুৰুদ্ৱাৰৰ জ্ঞানী গুৰমীত সিঙে গুৰু জনাৰ নাম কীৰ্তনেৰে গুৰু দিবান আৰম্ভ কৰে।
![as_haflang_guru_nanak_jayanti_ AS10034](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-hojai-01-30nov-janma-jayanti-vis-byte-photo-10015_30112020160922_3011f_1606732762_224.jpg)
নগাঁও: ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থিত গুৰুদ্বাৰত উদযাপন কৰা হয় গুৰু নানকৰ জন্মজয়ন্তী। সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি নগাঁওত উদযাপন কৰা হয় শিখ গুৰু গুৰুনানকৰ জন্ম জয়ন্তী ৷ হত্যা-হিংসা, উচ্চ-নীচ, ভেদ ভাৱ আদিয়ে সমাজ ব্যৱস্থা চাটি ধৰাৰ সময়তে এইগৰাকী মহান মনিষীয়ে সমাজৰ পৰা কু-সংস্কাৰ,অস্পৃশ্যতা আদি দূৰ কৰাৰ বাবে প্ৰয়াস কৰিছিল ৷
লগতে পঢ়ক: কাইলৈ গুৱাহাটীত উপস্থিত হ'ব আৰএছএছ প্ৰধান মোহন ভাগবত