ডিমা হাছাও,27 নৱেম্বৰ : বৃহস্পতিবাৰে হাফলঙত অনুষ্ঠিত 16 সংখ্য়ক চিইএমচ কাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত ৱাৰিয়ৰ্ছ ওয়াইমেজিঙে 1-0 গ’লৰ ব্যৱধানত মলহয় য়ুথ ক্লাৱক পৰাস্ত কৰি চেম্পিয়ন হয় ৷

হাফলং এন এল দাওলাগাপু খেলপথাৰত অনুষ্ঠিত হোৱা এই চূড়ান্ত খেলখনত ক’ভিড প্ৰট’কল উলংঘা কৰি উপস্থিত হয় সহস্ৰাধিক দৰ্শক ৷ ফুটবল খেল উপভোগ কৰিবলৈ যোৱা দৰ্শকসকলে স্বাস্থ্য় বিধি গ্ৰহণ নকৰাৰ লগতে কোনো সামাজিক দূৰত্ব বৰ্তাই নৰখা পৰিলক্ষিত হয় ৷
লগতে পঢ়ক : প্ৰয়াত তৰুণ গগৈৰ সৈতে থকা স্মৃতি সোঁৱৰণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ