ETV Bharat / state

ডিমা হাছাও জিলাত প্ৰথমখন বৃদ্ধাশ্ৰমৰ উদ্বোধন - প্ৰথমখন বৃদ্ধাশ্ৰম

লাংটিং চহৰত মঙলবাৰে উদ্ধোধন কৰা হয় পাহাৰীয়া জিলা খনৰ প্ৰথমখন বৃদ্ধাশ্ৰম । প্ৰথম অৱস্থাত ইয়াত ৩০ গৰাকী বৃদ্ধ-বৃদ্ধা থাকিব পাৰিব বৃদ্ধাশ্ৰমখনত আৰু পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি কৰা হ'ব ।

ডিমা হাছাও জিলাত প্ৰথমখন বৃদ্ধাশ্ৰমৰ উদ্বোধন

author img

By

Published : Jan 12, 2021, 2:12 PM IST

ডিমা হাছাও, ১২ জানুৱাৰী : ৰাজ্য়ৰ ভিন্ন প্ৰান্তত থকাৰ দৰে এইবাৰ ডিমা হাছাও জিলাতো উদ্ধোধন কৰা হয় এখন বৃদ্ধাশ্ৰমৰ । মঙলবাৰে লাংটিং চহৰত উদ্ধোধন কৰা হয় পাহাৰীয়া জিলাখনৰ প্ৰথমখন বৃদ্ধাশ্ৰম । বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত নিৰ্মাণ কৰা হৈছে এই বৃদ্ধাশ্ৰমখন । ৬০ বছৰ বা ইয়াৰ উৰ্ধৰ বৃদ্ধ বা বৃদ্ধাসকল থাকিব পাৰিব এই বৃদ্ধাশ্ৰমত ।

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য গলোঞ্জ থাওচেনে উদ্ধোধন কৰে বৃদ্ধাশ্ৰমখন । উদ্ধোধন কৰি তেওঁ কয় যে প্ৰথম অৱস্থাত ইয়াত ৩০ গৰাকী বৃদ্ধ-বৃদ্ধা থাকিব পাৰিব আৰু পৰৱৰ্তী সময়ত এই সংখ্যা বৃদ্ধি কৰা হ'ব ।

বৃদ্ধাশ্ৰমৰ উদ্বোধনী অনুষ্ঠানত লাংটিং হাচিন প্ৰথম খণ্ড গাঁৱৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালতা লাংথাচায়ে বৃদ্ধাশ্ৰমৰ বাবে 10 হাজাৰ টকাৰ সাহায্য আগবঢ়ায় । উল্লেখযোগ্য এই বৃদ্ধাশ্ৰম খন চলিব "গ্লোবেল হেলথ ইমুনাইজেশ্বন এণ্ড পপুলেশ্বন কন্ট্ৰল অৰ্গেনাইজেশ্বন"ৰ সভাপতি মাধুৰ্য বৰাৰ তত্বাৱধানত ।

লগতে পঢ়ক :ঋণ দিয়াৰ নামত প্ৰৱঞ্চনাঃ ৰাইজৰ হাতত আবদ্ধ প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.