ETV Bharat / state

ডিমা হাছাওৰ ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল ট্ৰাক - ডিমা হাছাও অগ্নিকাণ্ড

ডিমা হাছাওত বৃহস্পতিবাৰে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলি উঠে এখন চিলিণ্ডাৰ ভৰ্তি ট্ৰাক ৷ পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ৷

fire-in-vehicle-at-dima-hasao
ডিমা হাছাওৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল ট্ৰাক
author img

By

Published : Apr 29, 2021, 12:16 PM IST

ডিমা হাছাও,29 এপ্ৰিল: বৃহস্পতিবাৰে পুৱাৰ ভাগত ডিমা হাছাওৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক অঘটন ৷ হাতীখালি আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি, লামডিঙৰ পৰা হাফলং অভিমুখে অহা এখন গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক হাতীখালি আৰু লাংটিঙৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথটোত হঠাতেই দাও দাওকৈ জ্বলি উঠে ৷

এই অগ্নিকাণ্ডৰ ফলত গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনৰ বিস্তৰ ক্ষতি সাধন হয় ৷ লগতে ট্ৰাকখনত থকা বহুকেইটা গেছ চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷ উক্ত ঘটনাৰ পাচতে স্থানীয় লোকে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ৷ ইয়াৰ পাচতে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷

গেছ ভৰ্তি ট্ৰাকখনত জুই লগাৰ পাচতেই ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : নৈশ সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ধেমাজি আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.