শিলচৰ, 5 জানুৱাৰী : কাছাৰ জিলাৰ তাপাঙ ব্লকৰ ১৪৩৪ নম্বৰ পিঙথল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে ৷ অভিযোগ অনুসৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক মাশুক আহমেদ মজুমদাৰৰ কিছুমান কৰ্মকাণ্ডই বিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰি আহিছে ৷
তদুপৰি বিদ্যালয়ত সময় মতে উপস্থিত নাথাকে প্ৰধান শিক্ষক মাশুক আহমেদ মজুমদাৰ ৷ যাৰ বাবে বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ প্ৰতি শিক্ষকৰ দায়বদ্ধতা নোহোৱা হৈ পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱক সকলে ৷
ইফালে, সোমবাৰে পুৱা 9 বজালৈকে প্ৰধান শিক্ষকজন বিদ্যালয়ত উপস্থিত নথকাৰ বাবে বিদ্যালয়খন বন্ধ হৈ থাকে বুলি অভিযোগ তুলিলে অভিভাৱক সকলে ৷
লগতে পঢ়ক: আজি কোচি-মাংগালুৰু প্ৰাকৃতিক গেছ পাইপলাইন মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে