ডিমা হাছাও, ২১ জানুৱাৰী: ফেচবুকত নিজৰ পৰিচয় লুকুৱাই ৰাখি একাংশ অসাধু লোকে সহজ-সৰল যুৱতীৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি পিছত প্ৰতাৰণা কৰাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । এইবাৰ এনে এক ঘটনা সংঘটিত হ'ল হাফলঙত । দিল্লীৰ উপেন্দ্ৰ চৌধুৰী নামৰ এজন যুৱকে হাফলং চহৰৰ এগৰাকী যুৱতীৰ সৈতে প্ৰথমে ফেচবুকৰ জৰিয়তে বন্ধুত্বৰ সম্বন্ধ গঢ়ি তুলিছিল । ইয়াৰ পিছতে বন্ধুত্বৰ সম্পৰ্কই প্ৰেমৰ ৰূপ পায় ।
২০১৮ চনৰ ১ জুলাইত যুৱতীগৰাকীক বিয়া পাতি দিল্লীৰ যুৱকজনে হাফলঙতে বাস কৰিবলৈ লৈছিল । কিন্তু উপেন্দ্ৰ চৌধুৰী নামৰ যুৱকজনে পত্নীৰ পৰিয়ালৰ পৰাই ধন সৰকাই এতিয়া পলায়ন কৰিছে । প্ৰতাৰক উপেন্দ্ৰই শহুৰেকৰ বেংক একাউন্টৰ পৰা মুঠ ১ লাখ ৮০ হাজাৰ টকা উলিয়াই নিয়াৰ লগতে পত্নীৰ আইতাৰ এটিএম কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ ফটো উঠাই হাফলঙৰ পৰা উধাও হয় । যুৱতীগৰাকীৰ পৰিয়ালে সম্প্ৰতি হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ।
আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও প্ৰৱঞ্চক উপেন্দ্ৰ চৌধুৰী আটক কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে, এনে ধৰণৰ ঘটনা বৰ্তমান সঘনাই সংঘটিত হোৱা দেখা যায় । তথাপিও এই ক্ষেত্ৰত একাংশ লোক সজাগ হোৱা নাই । যাৰ পৰিণতিত বহিঃৰাজ্যৰ যুৱকে বাৰে বাৰে প্ৰতাৰণৰ জাল পেলোৱাৰ দুঃসাহস কৰে ।
লগতে পঢ়ক:এনআৰচিত নাম নাথাকিলেও দিব পাৰিব ভোট