ETV Bharat / state

ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 24 গৰাকীলৈ বৃদ্ধি

ডিমা হাছাও জিলাত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24 গৰাকীলৈ বৃদ্ধি হৈছে । মঙলবাৰে জিলাখনত 6 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷

Dimahasao_covid_update
ডিমা হাছাওত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 24 গৰাকীলৈ বৃদ্ধি
author img

By

Published : Apr 20, 2021, 9:08 PM IST

ডিমা হাছাও, 20 এপ্ৰিল: সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া কৰ’ণাত আক্ৰান্ত হৈ বহু লোক ৷ ডিমা হাছাও জিলাতো কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা 24 গৰাকীলৈ বৃদ্ধি হৈছে ৷ মঙলবাৰে জিলাখনত 6 গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ ইতিমধ্যে জিলাখনৰ স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে ৰাইজক কৰ’ণাৰ ভয়াৱহতা সন্দৰ্ভত সজাগ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ'ণা আক্ৰান্তৰ হাৰ ২.০৯ শতাংশলৈ বৃদ্ধি পাইছে । সোমবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ১,৩৬৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ উপস্থিতি । সোমবাৰৰ দিনটোতে কৰ'ণাই প্ৰাণ ল'লে ৰাজ্যৰ ৭ গৰাকী লোকৰ ।

লগতে পঢ়ক: তিনিচুকীয়াত ৮ মে’ পৰ্যন্ত পাঠদান বন্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.