ETV Bharat / state

NCHAC chief executive member Debolal Gorlosa:দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে হাফলঙত সৰৱ কংগ্ৰেছী

author img

By

Published : Jul 14, 2023, 8:44 PM IST

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা দেৱলাল গাৰ্লোচাক অপসাৰিত কৰাৰ দাবীত সৰৱ হৈ পৰিছে ডিমা হাছাও জিলা কংগ্ৰেছ ।

protest against Debolal Gorlosa
হাফলঙত সৰৱ কংগ্ৰেছী

হাফলঙত সৰৱ কংগ্ৰেছী

হাফলং 14 জুলাই : 2008 চনত অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক হত্যাৰ গোচৰত অভিযুক্ত উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই এই গোচৰৰ ৰাজসাক্ষী বিকাশ থাওচেনক আদালতত সাক্ষ্য নিদিবলৈ তেওঁৰ পৰিয়ালক ভাবুকি প্ৰদান কৰা আৰু টকা আৰু চাকৰিৰ প্ৰলোভন দিয়াৰ অভিযোগ উঠিছে ৷ এইজন দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু পিআৰচিৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ৷

ইয়াৰ সমান্তৰালকৈ অসমমালাৰ অধীনত পথ নিৰ্মাণৰ বাবে ডিমা হাছাও জিলাত ভূমি অধিগ্ৰহণ কৰা গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ নিদিয়াৰো প্ৰতিবাদ কৰে ডিমা হাছাও জিলা কংগ্ৰেছে ৷ শুকুৰবাৰে হাফলং জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ডিমা হাছাও জিলা কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি ডিমা হাছাও জিলাৰ জিলা উপায়ুক্ত সীমান্ত কুমাৰ দাসৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ মুৰব্বী তথা অসমৰ ৰাজ্যপালৰ উদ্দেশ্যে এক স্মাৰকলিপি প্ৰেৰণ কৰে ।

আনহাতে প্ৰতিবাদস্থলীত ডিমা হাছাও জিলা কংগ্ৰেছৰ সভাপতি সমৰজিত হাফলংবাৰে সাংবাদিকৰ আগত কয়, ‘‘উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদত এতিয়া স্বৈৰাচাৰি ৰাজত্ব চলিছে । ষষ্ঠ অনুসূচীৰ অধীনত থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকী মাহত চাৰি পাঁচবাৰ কৈ আদালতত হাজিৰ হ’ব লগা হয় ৷ অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমান হত্যাৰ ৰাজ সাক্ষীক আদালতত সাক্ষ্য নিদিবলৈ ভাবুকি প্ৰদান কৰি নিজকেই দোষী সাব্যস্ত কৰা এজন ব্যক্তি যাৰ বিৰুদ্ধে চার্জশ্বীটো আছে এনে ধৰণৰ ব্যক্তিক সাংবিধানিক পদত বহাই ৰাখিছে আদৰ্শবাদী দল হিচাবে পৰিচয় দিয়া বিজেপি দলে’’ ৷ এই অভিযোগ উত্থাপন কৰি সমৰজিত হাফলংবাৰে কয় এনে ধৰণৰ ব্যক্তিক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পদৰ পৰা অপসাৰণ কৰা উচিত ।

সমৰজিত হাফলংবাৰে লগতে আৰু কয় যে আদালতে যদি তেওঁক নিৰ্দোষী বুলি ৰায়দান কৰে তেনেহ’লে দেৱলাল গাৰ্লোচাক মুখ্য কাৰ্যবাহী পদত বাহাল ৰখাত তেওঁলোকৰ একো ক’ব লগা নাই ! আদালতে আৰক্ষীক হাবিবুৰ ৰহমানৰ হত্যা সন্দৰ্ভত নিৰপেক্ষ তদন্ত কৰাৰ নিৰ্দেশ দিছে ৷ ইয়াৰ উচিত তদন্ত কৰি অসম আৰক্ষীৰ কনিষ্টবল হাবিবুৰ ৰহমানক উচিত ন্যায় প্ৰদান কৰাৰ দাবী জনাই সমৰজিত হাফলংবাৰে কয়, স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ অৰ্থাৎ পিআৰচি ভেৰিফিকেচনৰ নামত ডিমা হাছাও জিলাৰ খিলঞ্জীয়া লোকসকলক যি ধৰণৰ হাৰাশাস্তি দিয়া হৈছে সেয়া বন্ধ কৰি পাহাৰীয়া জিলাৰ স্থায়ী খিলঞ্জীয়া লোকসকলক যাতে পিআৰচি প্ৰদান কৰা হয় ।

সমৰজিতৰ অভিযোগ, ডিমা হাছাও জিলাত অসমমালাৰ অধীনত যি পথ নিৰ্মাণ হৈছে এই পথ নিৰ্মাণৰ বাবে যি সকল গাঁৱৰ বাসিন্দাৰ ভূমি অধিগ্ৰহণ কৰা হৈছে তেওঁলোকক ভূমি অধিগ্ৰহণৰ বাবদ ক্ষতিপূৰণ দিয়া হোৱা নাই ৷ সেই সন্দৰ্ভত গাঁৱৰ বাসিন্দা সকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দিয়াৰ পিচতে উচ্চ ন্যায়ালয়ে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদক ভূমি অধিগ্ৰহণৰ বাবদ গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়াৰ পিচতো আজিলৈকে তেওঁলোকক ক্ষতিপূৰণ দিয়া নাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত কৰ্তৃপক্ষই ৷ বৰঞ্চ এইসকল লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক জেলত ভৰাই দিয়া হৈছে বুলি মন্তব্য কৰে সমৰজিত হাফলংবাৰে ।

লগতে পঢ়ক : Karbi nationalist youth council hold press meet:কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদত ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.