ডিমা হাছাও, 14 আগষ্ট : সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক জ্বলাকলা খোৱাইছে ৷ ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন ঠাইত ছিণ্ডিকেট চক্ৰৰ দপ-দপনিৰ বাবে সাধাৰণ ৰাইজৰ অৱস্থা অধিক শোচনীয় হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এই ছিণ্ডিকেট ৰাজক লৈ সৰৱ হৈ উঠিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যৰ্বাহী সদস্য দেৱলাল গাৰ্লচা (Devlal Garlosa) ৷
দেৱলাল গাৰ্লচাই সাংবাদিকৰ আগত কয় যে, অচিৰেই অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওত ছিণ্ডিকেট ৰাজ বন্ধ কৰা হ'ব ৷ তেঁও জনোৱা মতে, শীঘ্ৰেই হাফলং বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে মাছ, মাংস, কণী, আলু, পিয়াঁজ, শাক-পাচলিৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ইয়াৰ উপৰি জিলাৰ মঠ-মন্দিৰ, সত্ৰ, মছজিদসমূহৰ লগতে স্বাধীনতা সগ্ৰামী সকলৰ প্ৰতিমূৰ্তিৰ 100 বৰ্গ মিটাৰ এলেকাত মাছ-মাংস বিক্ৰী বা দোকান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব ৷
দেৱলাল গাৰ্লচাই স্পষ্ট ভাষাৰে উল্লেখ কৰে যে, হাফলং বজাৰত এক বৃহৎ ছিণ্ডিকেট ৰাজ গঢ়ি উঠিছে ৷ একাংশ বহিৰাগত ব্যৱসায়ীয়ে এই ছিণ্ডিকেট ৰাজ চলাই আছে ৷
উল্লেখ্য যে, হাফলং বজাৰত চলি থকা এই ছিণ্ডিকেট ৰাজ বন্ধ কৰাৰ ক্ষেত্ৰত অচিৰেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ব্যৱস্থা গ্ৰহণ কৰিব ৷ কোনো ব্যক্তিয়ে যদি ভয় ভীতি প্ৰদৰ্শন কৰি ছিণ্ডিকেট চলোৱাৰ চেষ্টা চলায় তেনেহলে জিলাৰ আৰক্ষী প্ৰশাসন বা আৰক্ষী অধীক্ষকক অৱগত কৰাৰ বাবে আহ্বান জনাইছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লচাই ৷
লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত