ETV Bharat / state

বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ - বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক

50 কোটি টকা ব্যয় সাপেক্ষে ডিমা হাচাও জিলাত নিৰ্মাণ হ'ব এখন বিশেষ বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক (Bamboo Industrials Park) ৷ সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) ই ইয়াৰ আধাৰশিলা স্থাপন কৰে ৷

C.M Dr. Himanta Biswa Sarma sets up Rs 50 crore foundation stone at Dima Hasao
ডিমা হাছাওত 50 কোটি টকীয়া আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
author img

By

Published : Jul 26, 2021, 4:38 PM IST

ডিমা হাছাও, 26 জুলাই : অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাচাওত সোমবাৰে এখন 'বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক' (Bamboo Industrials Park)ৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma)ই । কেন্দ্ৰৰ ড'নাৰ মন্ত্ৰালয়ৰ অধীনত ডিমা হাছাও জিলাৰ মানদাৰদিছাত এই বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্কখন নিৰ্মান হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰিছে ।

ডিমা হাছাওত 50 কোটি টকীয়া আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ পৰা ডিমা হাছাও জিলা (Dima Hasao District)ত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আজি মানদাৰদিছাত 'বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক'ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এই আধাৰশিলা স্থাপন কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, এই 'বেম্বো ইণ্ডাষ্ট্ৰিয়েল' পার্কখন 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব ৷ এই পার্কখন নিৰ্মাণ হ'লে ডিমা হাছাও জিলাৰ লোকসকল বহু পৰিমানে উপকৃত হ'ব ৷

লগতে পঢ়ক: "মুখ্যমন্ত্ৰী বিধবা সাহায্য আঁচনি"ৰ অধীনত হিতাধিকাৰীয়ে পালে সাহায্য

জিলাখনত বাঁহ শিল্পৰ সৈতে জড়িত বহুলোক থকাৰ পৰিপ্ৰেক্ষিতত এই পাৰ্কখনৰ জড়িয়তে বহুতে বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰিবলৈ সা-সুবিধা পাব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷ বাঁহৰ পৰা উৎপাদিত শিল্পসমূহৰ পৰা আৰ্থিক দিশতো বহু পৰিমানে লাভান্বিত হ'ব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ সেইসকল লোকক উদ্দেশ্যে কৰিয়েই এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীক সংগ দিয়ে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Minister Pijush Hazarika) আৰু কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (C.E.M) তুলিৰাম ৰংহাঙে (Tuliram Ranghang)। হাফলঙত মুখ্যমন্ত্ৰীগৰাকী উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ কৰ্তৃপক্ষ, জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকতো মিলিত হ'ব ৷ ইফালে প্ৰাক্তন ডিএইচডি (DHD) গোটৰ সদস্য সকলৰ লগতে ডিমা হাচাও জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীগৰাকী হাফলং চাৰ্কিট হাউচত বৈঠকত মিলিত হ'ব বুলি জানিব পৰা গৈছে । বৰ্তমান ডিমা হাছাও জিলাত চলি থকা বিভিন্ন উন্নয়ন মূলক কাম-কাজ বুজ লোৱাৰ লগতে সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: আৰক্ষীৰ এনকাউন্টাৰ সন্দৰ্ভত বিধানসভাত সৰৱ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.