ডিমা হাছাও, ২৩মাৰ্চ: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ মাজতে ডিমা হাছাও জিলাত শাসকীয় দল বিজেপিৰ ভিতৰচ'ৰাত প্ৰাৰ্থিত্ব কেন্দ্ৰিক এক ক্ষোভ দেখিবলৈ পোৱা গৈছে । ক্ষোভৰ পৰিণতি স্বৰূপে বিজেপিৰ এগৰাকী গুৰুত্বপূৰ্ণ নেতাৰ যোগদান কংগ্ৰেছ দলত । ডিমা হাছাও জিলা বিজেপিৰ এছটি মৰ্চাৰ উপ-সভাপতি এক্সটৰনেল চিয়াংচাইয়ে মঙলবাৰে যোগদান কৰে কংগ্ৰেছ দলত ।
ছট্টিশগড়ৰ মন্ত্ৰী তথা ১৬ নং হাফলং (এছটি) সমষ্টিৰ নিৰ্বাচনৰ দায়িত্বত থকা কুনৱেৰ সিং নিশ্বাদ, হাফলঙৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাচা আৰু উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাৰ উপস্থিতত বিজেপি দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰে বিজেপি নেতা গৰাকীয়ে ।
উল্লেখ্য যে ডিমা হাছাও জিলা বিজেপিৰ এছটি মৰ্চাৰ উপ-সভাপতি এক্সটৰনেল চিয়াংচাই বিগত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত পৰিষদৰ জাতিংগা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আছিল । কিন্তু জানিব পৰা মতে বিজেপি দলত তেওঁক গুৰুত্ব নিদিয়াৰ বাবে দল ত্যাগৰ সিদ্ধান্ত লয় নেতা গৰাকীয়ে । বুলি জানিবলৈ দিয়ে ।