ETV Bharat / state

ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন: বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

Dima Hasao Autonomous Council polls : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 5:44 PM IST

Dima Hasao Autonomous Council polls
বিজেপিৰ প্ৰাৰ্থী তালিকা
ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

গুৱাহাটী, ১৯ ডিচেম্বৰ : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নির্বাচনৰ দিন ঘোষণাৰ পিচতেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । মঙলবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে ঘোষণা কৰে ২৮ জনীয়া প্ৰাৰ্থী তালিকাখন । এই তালিকা অনুসৰি...

Dima Hasao Autonomous Council polls
বিজেপিৰ প্ৰাৰ্থী তালিকা
  1. হাফলং পৰিষদীয় সমষ্টিত দনপেইনন থাওচেন
  2. জাতিংগা পৰিষদীয় সমষ্টিত ফ্লেমিং ৰূপসী শ্যিলা
  3. বৰাইল পৰিষদীয় সমষ্টিত গুলমিনলাল লেইনথাং
  4. মাহুৰ পৰিষদীয় সমষ্টিত প্ৰবিতা জহৰী
  5. জিনাম পৰিষদীয় সমষ্টিত ঝ’ছুম্থাং মাৰ
  6. হাংগ্ৰুম পৰিষদীয় সমষ্টিত নোৱা দেইমী
  7. লাইছং পৰিষদীয় সমষ্টিত পৌদাম্মিং ৰিয়ামী
  8. দাওতুহাজা পৰিষদীয় সমষ্টিত প্ৰনথ ৰাজিয়ুং
  9. মাইবাং ইষ্ট পৰিষদীয় সমষ্টিত মনজয় লাংথাছা
  10. মাইবাং ৱেষ্ট পৰিষদীয় সমষ্টিত মোহিত হোজাই
  11. কালাচান্দ পৰিষদীয় সমষ্টিত ৰতন জাৰাম্বুছা
  12. ৱাজাও পৰিষদীয় সমষ্টিত বিশ্বজিৎ দাওলাগাপু
  13. হাজাদিছা পৰিষদীয় সমষ্টিত প্ৰজিথ হোজাই
  14. লাংটিং পৰিষদীয় সমষ্টিত ধৃতি থাওছেন
  15. হাতীখালি পৰিষদীয় সমষ্টিত নিৰঞ্জন হোজাই
  16. দিয়ুংব্ৰা পৰিষদীয় সমষ্টিত ৰূপালী লাংথাছা
  17. গৰমপানী পৰিষদীয় সমষ্টিত ছামছিং ইংতি
  18. খাৰটং পৰিষদীয় সমষ্টিত লালৰেইমছিয়ামা দাৰনী
  19. দেহাংগি পৰিষদীয় সমষ্টিত দেৱলাল গাৰ্লোচা
  20. গুঞ্জুং পৰিষদীয় সমষ্টিত নজিত কেম্প্ৰাই
  21. হাদিংমা পৰিষদীয় সমষ্টিত দেৱজিৎ বাথাৰি
  22. দিহাম্লাই পৰিষদীয় সমষ্টিত নামৰং ঝেমী
  23. হাৰাংগাজাও পৰিষদীয় সমষ্টিত অমেন্দু হোজাই
  24. হাম্ৰি পৰিষদীয় সমষ্টিত মনজিৎ নাইদিং
  25. ল’ৱাৰ খাৰটং পৰিষদীয় সমষ্টিত গাম্ৰোথাং মাৰ
  26. দলোং পৰিষদীয় সমষ্টিত সুৱান্থাংজেম ৰংখল
  27. দিগাৰ পৰিষদীয় সমষ্টিত ছেমুৱেল চেংছান
  28. ছেমখৰ পৰিষদীয় সমষ্টিত ৰাণু লাংথাছা

উল্লেখ্য যে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ পৰিষদীয় নির্বাচন অহা ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব । এই নিৰ্বাচনকলৈ ইতিমধ্যে পাহাৰীয়া জিলাখনত বলিছে গৰম বতাহ । অসমৰ আটাইতকৈ পুৰণি ষষ্ঠ অনুসূচিত জাতিৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনকলৈ কোনে মাৰিব শেষ হাঁহি ? স্বায়ত্তশাসিত পৰিষদখনৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে অসম ৰাজ্যিক নির্বাচন আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰি যাৱতীয় প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

ডিমা হাছাও স্বায়ত্তপৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২১ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্ধাৰণ কৰা হৈছে । ২২ ডিচেম্বৰত মনোয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু সেইদিনাই ইচ্ছুক প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাত অন্তত বৈধভাৱে মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থীসকলৰ তালিকা প্রকাশ পাব ।

অহা ৮ জানুৱাৰীত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজাৰ পৰা ভোটদান প্রক্রিয়া অনুষ্ঠিত হ'ব । ১২ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা অনুষ্ঠিত হ'ব আৰু গণনাৰ অন্তত সেইদিনাই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক: উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.