ETV Bharat / state

ডিমা হাছাওত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ স্বৰ্গযাত্ৰা!! - primary school

ডিমা হাছাও জিলাৰ মাইবং মহকুমাৰ অন্তৰ্গত হাতীখালি ৰংফাংদিছা আৰু শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয় দুখন বিগত তিনি মাহৰ পৰা বন্ধ হৈ আছে ৷

ডিমা হাছাওত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ স্বৰ্গযাত্ৰা
author img

By

Published : May 29, 2019, 10:03 PM IST

ডিমা হাছাও, 29 মেঃ ডিমা হাছাও জিলাত ক্ৰমাৎ শোচনীয় হৈ পৰিছে প্ৰাথমিক শিক্ষা ব্যৱস্থা। শিক্ষকৰ অভাৱত বন্ধ হৈ পৰিছে বহু কেইখন নিম্ন বুনিয়াদী বিদ্যালয়। ইয়াৰ পিচতো গা লৰা নাই শিক্ষা বিভাগৰ । ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অন্তৰ্গত হাতীখালি ৰংফাংদিছা আৰু শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয় দুখন বিগত তিনি মাহৰ পৰা বন্ধ হৈ আছে শিক্ষাদান কাৰ্য ৷

ডিমা হাছাওত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ স্বৰ্গযাত্ৰা

ক্ৰমাৎ বিদ্যালয় চৌহদ পৰিণত হৈছে জংঘলত । বিদ্যালয় দুখনত শিক্ষাৰ পৰিৱেশ ঘূৰাই আনিবলৈ শিক্ষা বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে।

Intro:ডিমা হাছাও ২৯ মে: ডিমা হাছাও জিলাত প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ অৱস্থা শোচনীয় হৈ পৰিছে। শিক্ষকৰ অভাৱত কেইটা মান নিম্ন প্ৰাথমিক বিদ্যালয় বন্ধ হৈ পৰে। ইয়াৰ পিছত ও গা লৰা নাই শিক্ষা বিভাগৰ। ডিমা হাছাও জিলাৰ মাইবাং মহকুমাৰ অধীনত হাতীখালি ৰংফাংদিছা আৰু শিৱৰাইদিছা নিম্ন প্ৰাথমিক বিদ্যালয় দুখন যোৱা তিনি মাহৰ পৰা বন্ধ হৈ আছে বুলি অভিযোগ কৰে দুখন গাঁওৰ ৰাইজে।Body:এতিয়া শিক্ষকৰ অভাৱত ৰংফাংদিছা আৰু শিৱৰাই দিছা বিদ্যালয় দুখনৰ ছাত্ৰছাত্ৰীৰ পাঠদান বন্ধ হৈ পৰিছে। বিদ্যালয় দুখনৰ অৱস্থা শোচনীয় হৈ পৰিছে। বিদ্যালয়ৰ গোটেই এলাকা এতিয়া জঙ্গলত ভৰি গৈছে। এনেকুৱা অৱস্থাত বিদ্যালয় দুখনত শিক্ষাৰ পৰিবেশ ঘূৰাই আনিবলৈ শিক্ষা বিভাগে কোন ব্যৱস্থা লোৱা নাই গাঁও দুখনৰ ৰাইজে অভিযোগ তুলিছে।Conclusion:ইপিনে হাটীখলিৰ নিলগত স্থিত গাঁও দুখনৰ গাওঁবুঢ়া জানিবলৈ দিয়া মতে দুখন বিদ্যালয়ত ২২/২৫ জন মান ছাত্ৰছাত্ৰী থকাৰ পিছতো বিদ্যালয় দুখনত পাঠদান সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে। গাঁওবুঢ়া দিয়া তথ্য অনুসৰি যোৱা তিনি মাহৰ পৰা বিদ্যালয় দুখন বন্ধ হৈ আছে। বিদ্যালয় দুখনত দুজনকৈ শিক্ষক থকাৰ পিছতো যোৱা তিনি মাহৰ পৰা বিদ্যালয় দুখনত শিক্ষক অনুপস্থিত। প্ৰশিক্ষণ আৰু চৰকাৰী কাম থকাৰ অজুহাতত এনেকুৱা বিদ্যালয়ত গৰহাজিৰ থাকে শিক্ষক সকলো বুলি অভিযোগ। গাঁওৰ ৰাইজৰ মত শিক্ষা বিভাগৰ উদাসীনতাৰ কাৰণে আজি এই দুখন গাঁওৰ লোৰ ছোৱালী উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। তার পিছতো গা লৰা নাই ডিমা হাছাও জিলাৰ শিক্ষা বিভাগৰ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.