ETV Bharat / state

Massive fire in Dima Hasao: অগ্নিদগ্ধ হৈ মৃত্যু 2 বছৰীয়া কণমানিৰ

ডিমা হাছাওৰ লাংলাইত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Massive fire in Dima Hasao) । অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে এটি ২ বছৰীয়া কণমানি শিশুৱে । ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।

One house gutted in Dima Hasao
জ্বলি ছাৰখাৰ সপোনৰ ঘৰখন
author img

By

Published : Feb 24, 2022, 10:51 PM IST

ডিমা হাছাও 24 ফেব্ৰুৱাৰীঃ ডিমা হাছাও জিলাত অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী 2 বছৰীয়া কণমানি শিশুৰ (2 year old girl charred to death in Dima Hasao)। বুধবাৰে নিশা অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত ছোট লাংলাই গাঁৱত সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা । জুইত জাহ গ'ল এটা পৰিয়ালৰ বাসগৃহ ।

বুধবাৰ নিশা প্ৰায় ১ মান বজাত উমৰাংচু আৰক্ষী থানাৰ অন্তৰ্গত ছোট লংলাই গাঁৱৰ মনসিং তিমুং নামৰ এগৰাকী ব্যক্তিৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাই ২ বছৰীয়া কণমানি কন্যা সুনিতা তিমুঙে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত সম্পূৰ্ণ টোপনিত আছিল মনসিং তিমুঙৰ পৰিয়াল ।

গৃহটোত অগ্নিসংযোগ হোৱাৰ উমান পোৱাৰ পোৱাৰ মাত্ৰকে টোপনিৰ পৰা উঠি পৰিয়ালটোৰ সকলো সদস্য বাহিৰলৈ ঢাপলি মেলে যদিও ২ বছৰীয়া কণমানি কন্যা সুনিতা আৱদ্ধ হৈ পৰে জুইৰ লেলিহান শিখাই আৱৰি ধৰা ঘৰটোৰ ভিতৰতে। উদ্ধাৰৰ চেষ্টা চলাই বিফল হোৱাত অগ্নিদগ্ধ হৈ মৃত্যু হয় কণমানি সুনিতাৰ ।

অগ্নিকাণ্ডৰ খৱৰ পাই ঘটনাস্থলীত উমৰাংচু আৰক্ষী উপস্থিত হৈ অগ্নিকাণ্ডৰ তদন্ত আৰম্ভ কৰে । বৰ্তমানলৈ অগ্নিকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই । ঘটনাৰ পিচতে জিলা দুৰ্যোগ প্ৰসমন বিভাগ আৰু ইণ্ডিয়ান ৰেড ক্ৰছ ছচাইটিৰ কৰ্মকৰ্তা সকল ঘটনাস্থলীত উপস্থিত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্ন সাহায্য আগবঢ়োৱাৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰে ক্ষতিগ্ৰস্ত পৰিয়ালটোৰ হাতত ।

লগতে পঢ়কঃ Assam municipal election 2022: কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.