ETV Bharat / state

জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক শিক্ষক

author img

By

Published : Jun 9, 2019, 7:56 PM IST

Updated : Jun 9, 2019, 9:05 PM IST

জু-ৰোড বিস্ফোৰণত জৰিত অভিযুক্তক আটক
জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক শিক্ষক

2019-06-09 19:35:44

জু-ৰোড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হয় তিনিচুকীয়াৰ শিক্ষক প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নাম টি লাওক,গ্ৰেপ্তাৰ কৰা সময়ত শিক্ষকজনৰ পৰা জব্দ কৰা হয় এটা কম্পিউটাৰ আৰু চাৰিটা মোবাইল ৷

ডিব্ৰুগড়,৯ জুন: জু-ৰোড বিস্ফোৰণৰ লগত সাঙোৰ খাই পৰিছে এজন শিক্ষকৰ নাম । দেওবাৰে জু-ৰোড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নাম টি লাওক । তিনিচুকীয়া জিলাৰ ডিৰাকগেটৰ নৱজ্যোতিৰ বাসিন্দা প্ৰকাশ ৰাজকোঁৱৰ ডিৰাক প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক আছিল । এই 65 বছৰীয়া ৰাজকোঁৱৰক দেওবাৰে ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড়ৰ মিলননগৰৰ পৰা । ৰাজকোঁৱৰে মিলন নগৰৰ সুন্দৰ ৰাজকোঁৱৰ নামৰ এজন ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল দুবছৰ পূৰ্বৰ পৰা । গ্ৰেপ্তাৰ কৰা সময়ত আৰক্ষীয়ে লোকজনৰ পৰা জব্দ কৰে এটা কম্পিউটাৰ চি পি ইউ,4টা মোবাইল আৰু বহু আপত্তি জনক সামগ্ৰী । প্ৰাক্তন শিক্ষকজনে ডিব্ৰুগড়ৰ ভাড়াঘৰত থাকি জু-ৰোড বিস্ফোৰণত জড়িতসকলৰ সৈতে সম্পৰ্ক ৰখাৰ লগতে বাসগৃহতো আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । ইফালে,প্ৰকাশ ৰাজকোঁৱৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পাছত গুৱাহাটী আৰক্ষীৰ এটা দলৰ সহযোগত অনা হয় গুৱাহাটীলৈ । 

উল্লেখযোগ্য যে,১৫ মে'ত জু-ৰোডত সংঘটিত হোৱা বোমা বিস্ফোৰণ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ইতিমধ্যেই জাহ্নৱী শইকীয়া, প্ৰাণময় ৰাজগুৰু,সঞ্জীৱ তালুকদাৰ,বিজয় অসম,পাপু কোচ,অমিত বল্লভ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে । অৱশ্যে প্ৰাক্তন শিক্ষকগৰাকী বোমা বিস্ফোৰণ ঘটনাৰ লগত কেনেদৰে আছিল সেয়া জানিব পৰা হোৱা নাই । 
 
BREAKING:-

ডিব্ৰুগড় আৰক্ষীৰ জালত গুৱাহাটী জু-ৰোড বিষ্ফোৰণত জড়িত অভিযুক্তক আটক

আটকাধীন ব্যক্তিজন প্ৰকাশ ৰাজখোৱা

ডিব্ৰুগড় মিলন নগৰৰ সুন্দৰ ৰাজখোৱাৰ ভাড়াঘৰৰ পৰা আটক কৰে প্ৰকাশ ৰাজখোৱাক

ৰাজখোৱাৰ ভাড়াঘৰৰ কোঠাৰ পৰা আৰক্ষীয়ে এটা কম্পিউটাৰ আৰু চাৰিটা মোবাইল জব্দ কৰে

প্ৰকাশ ৰাজখোৱা পেঙেৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক বুলি জানিব পৰা গৈছে
Last Updated : Jun 9, 2019, 9:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.