ETV Bharat / state

মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ

টিংখাঙৰ উমানন্দ চুতীয়া নামৰ যুৱকজনে মীন পালনেৰে দেখুৱাইছে স্ব-নিৰ্ভৰশীলতাৰ নিদৰ্শন ৷ বিগত তিনিবছৰ পূৰ্বে কম মূলধন আৰু কম ভূমিত মৎস্য পালনৰ কাম আৰম্ভ কৰিছিল উমানন্দ নামৰ যুৱকজনে ।

author img

By

Published : May 25, 2021, 1:33 PM IST

young-man-self-reliant-with-fisheries-in-tingkhong
মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন এজন যুৱকৰ

টিংখাং,25 মে’: মৎস্য পালনেৰে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাইছে টিংখাঙৰ এজন যুৱকে ৷ 15 বিঘা কৃষি ভূমিত পুখুৰী খান্দি মীন পালন কৰিছে শিশুমৰা গাঁৱৰ উমানন্দ চুতীয়া নামৰ যুৱকজনে ৷ একাগ্ৰতা আৰু কৰ্মদক্ষতাৰ পৰিচয় দাঙি ধৰি আন বহুতৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ নিদৰ্শন দাঙি ধৰিছে উমানন্দই । মাত্ৰ তিনিবছৰ পূৰ্বে কম মূলধন আৰু কম ভূমিত মৎস্য পালনৰ কাম আৰম্ভ কৰিছিল যুৱকজনে ।

মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ

অতি কম সময়ৰ ভিতৰতে লাভৰ মুখ দেখিবলৈ পোৱা উমানন্দ চুতীয়াই তিনিবছৰৰ ভিতৰতে মৎস্য পালনৰ পৰিসৰ বৃদ্ধি কৰি বৰ্তমান যথেষ্ট টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । তেওঁ বৰ্তমান মৎস্য পালন কৰাৰ লগতে মাছৰ পোনাও বিক্ৰী কৰি মৎস্যপালকৰ চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে ।

মৎস্য পালনৰ জৰিয়তে সম্পূৰ্ণ স্বাৱলম্বী হোৱা উমানন্দৰ দাবী যে, গ্ৰামাঞ্চলৰ যুৱকসকলে কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ ঢাপলি মেলাতকৈ কাম কৰাৰ সাহস গোটাব পাৰিলে কম মাটিতেই মৎস্যপালন কৰি স্ব-নিৰ্ভৰশীল হ’ব পাৰিব ।

লগতে পঢ়ক : গুৰুজনাৰ জন্মোৎসৱৰ দিনটোত ৰাষ্ট্ৰীয় বন্ধ ঘোষণা কৰক: বাবুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.