ETV Bharat / state

ডিব্ৰুগড়ত সুৰাৰ ঘাটি উচ্ছেদ: আটক এজন

author img

By

Published : May 20, 2021, 9:46 AM IST

ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণৰ সুৰা । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰুৱা নেতৃত্বত অভিযান চলাই গোপন সূত্ৰৰ ভিত্তিত সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ পৰিদৰ্শক অৰ্জুন সিঙকে ধৰি এটি দলে চহৰখনৰ গ্ৰেহেম বজাৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা, চুলাই তথা দেশীয় সুৰা আদি জব্দ কৰে ৷ লগতে আটক কৰে অভিষেক কুমাৰ শ্বাহ নামৰ এজন ব্যক্তিক ।

লক ডাউনৰ মাজতে ডিব্ৰুগড়ত জব্দ বৃহৎ পৰিমাণ সুৰা

ডিব্ৰুগড়,20 মে’: লক ডাউনৰ মাজতে বুধবাৰে নিশা ডিব্ৰুগড়ত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ সুৰা । ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অনুপজ্যোতি বৰুৱা নেতৃত্বত অভিযান চলাই গোপন সূত্ৰৰ ভিত্তিত সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ শইকীয়া, নগৰ পৰিদৰ্শক অৰ্জুন সিঙকে ধৰি এটি দলে চহৰখনৰ গ্ৰেহেম বজাৰৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা, চুলাই তথা দেশীয় সুৰা আদি জব্দ কৰে ৷ লগতে এই কাণ্ডত জড়িত থকাৰ সন্দেহত আটক কৰে অভিষেক কুমাৰ শ্বাহ নামৰ এজন ব্যক্তিক ।

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰাই এই লোকজনে নিজ গৃহৰ পৰাই চলাই আছিল সুৰাৰ অবৈধ ব্যৱসায় । ইফালে ক’ভিড পৰিস্থিতিৰ বাবে সুৰা বিপণী বন্ধৰ সুযোগ লৈ আইন ভংগ কৰি অধিক দামত এই সুৰা বিক্ৰী কৰি আহিছিল ব্যক্তি গৰাকীয়ে । ডিব্ৰুগড় আৰক্ষীয়ে বুধবাৰে উচ্ছেদ কৰিবলৈ সক্ষম হয় এই বৃহৎ সুৰা চক্ৰটো ।

ডিব্ৰুগড়ত সুৰাৰ ঘাটি উচ্ছেদ

উল্লেখ্য যে, লক ডাউনৰ সুযোগ গ্ৰহণ কৰি ডিব্ৰুগড়ত একাংশ অসাধু চক্ৰৰ দ্বাৰা বিভিন্ন প্ৰান্তত চলি আছে সুৰাৰ ৰমৰমীয়া বেহা । মহামাৰী কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ অসমতে দিনৰ ১১ বজাতেই সুৰাৰ বিপণীকে ধৰি অন্যান্য সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰাৰ পিছতে ১২ বজাৰ পৰা সম্পূৰ্ণ লক ডাউন ঘোষণা কৰিছে প্ৰশাসনে । কিন্তু এই লক ডাউনৰ মাজতে একাংশই চলোৱা এই ৰমৰমীয়া ব্যৱসায় উচ্ছেদ কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা ৷

লগতে পঢ়ক: আনন্দ মিশ্ৰই কঁপাইছে নগাঁৱৰ অপৰাধৰ ঘাটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.