ETV Bharat / state

আন্তৰ্জাতিক সন্মান লাভ কৰা বাহাদুৰ ছেত্ৰীক উষ্ম আদৰণি

author img

By

Published : Aug 22, 2022, 2:02 PM IST

আন্তৰ্জাতিক সন্মান গ্ৰহণ কৰি দিল্লীৰ পৰা উভতি অহা হৰ্ক বাহাদুৰ ছেত্রীক ডিব্ৰুগড়ৰ মোহনবাৰী বিমান কোঠত আদৰণি বিভিন্ন দল সংগঠনৰ । গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ অধ্যক্ষ তথা অসম সন্তান হৰ্ক বাহাদুৰ ছেত্রীক সন্মানিত কৰা হৈছে এই বৰ্ষৰ 'Pillar of Society 2021-22' বঁটাৰে ।

Pillar of Society
আন্তৰ্জাতিক সন্মান লাভ কৰা বাহাদুৰ ছেত্ৰীক উষ্ম আদৰণি

মৰাণ, ২২ আগষ্ট:গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ অধ্যক্ষ তথা অসম সন্তান হৰ্ক বাহাদুৰ ছেত্রীক সন্মানিত কৰা হৈছে 'Pillar of Society 2021-22' বঁটাৰে । Social Justice for international civil rights council affiliated to United Nations নামৰ সংস্থাটোৱে নতুন দিল্লীৰ সাংবিধানিক ক্লাৱত অনুষ্ঠিত কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক এই বঁটা প্ৰদান কৰা হয় ।

সোমবাৰে আন্তৰ্জাতিক বঁটা গ্ৰহণ কৰি দিল্লীৰ পৰা উভতি অহা ছেত্রীক ডিব্ৰুগড়ৰ মোহনবাৰী বিমান কোঠত(Mohanbari Airport)অৱতৰণ কৰাৰ পিছতেই উষ্ম আদৰণি জনোৱা হয় । সৰ্মথকসকলে উষ্ম আদৰণি জনোৱাৰ লগতে এক শোভাযাত্ৰাৰে ছেত্রীৰ ধেমাজি জিলাৰ গোগামুখস্থিত স্ব-গৃহলৈ আগবঢ়াই নিয়ে । স্ব-গৃহত উপস্থিত হোৱাৰ পিছতেই অগনন দল-সংগঠনে তেওঁক শুভেচ্ছা জ্ঞাপন কৰে ।

উল্লেখ্য় যে গোৰ্খা স্বায়ত্ব শাসন দাবী সমিতিৰ(Gorkha Autonomous council Demand Committee)অধ্যক্ষ হৰ্ক বাহাদুৰ ছেত্ৰীক ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী নাৰায়ন স্বামীয়ে Pillar of Society 2021-22 আন্তৰ্জতিক বঁটাটি প্ৰদান কৰে । অসমীয়া গোৰ্খা জনগোষ্ঠীৰ আপোচহীন, নিৰ্ভীক তথা সংগ্ৰামী নেতা ছেত্ৰীয়ে বৃহত্তৰ অসমীয়া গোৰ্খা জনগোষ্ঠীক খিলঞ্জীয়া মৰ্যদা প্ৰদানৰ দাবীত 2016 চনত ঐতিহাসিক 650 কিলোমিটাৰ পথ পদযাত্ৰা কৰি ৰৈথানে সংগ্ৰামক অধিক শক্তিশালী কৰি তুলিছিল। এই বঁটাটো তেওঁ গোৰ্খা আন্দোলনৰ প্ৰথমগৰাকী ছহিদলৈ অৰ্পণ কৰে ।

লগতে পঢ়ক:মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.