ETV Bharat / state

নামচাং চাহ বাগিছাৰ ব্যতিক্ৰমী পদক্ষেপ

নাহৰকটীয়াৰ অসম অৰুণাচল সীমান্তত অৱস্থিত ৰছেল টি কোম্পানীৰ অধীনৰ নামচাং চাহ বাগিছাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ৷ সন্ধিয়া 5 বজাৰ লগে লগে বাগিছাখনত বাহিৰৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে দিনৰ ভাগত বাগিছাত প্ৰৱেশ কৰা প্ৰতিখন বাহনক বাগিছাৰ মুখ্য প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে বাগিছা কৰ্তৃপক্ষই ৷

ক'ভিড ভয়াৱহতাৰ বাবে নামচাং চাহ বাগিছাৰ ব্যতিক্ৰমী পদক্ষেপ

author img

By

Published : Apr 29, 2021, 2:15 PM IST

মৰাণ,29 এপ্ৰিল: কৰ'ণাৰ দ্বিতীয় ঢৌৰ সংক্ৰমণে ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে । কৰ'ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ সাধাৰণতে চাহ বাগিছা অঞ্চল সমূহত অতিমাৰী কৰ'ণাক লৈ সজাগতাৰ অভাৱ দেখিবলৈ পোৱা যায় যদিও ইয়াৰ মাজতে উজনিৰ এখন চাহ বাগিছাই গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ ৷

ক'ভিডৰ ভয়াৱহতাৰ বাবে নামচাং চাহ বাগিছাৰ ব্যতিক্ৰমী পদক্ষেপ

নাহৰকটীয়াৰ অসম-অৰুণাচল সীমান্তত অৱস্থিত ৰছেল টি কোম্পানীৰ অধীনৰ নামচাং চাহ বাগিছাই গ্ৰহণ কৰিছে এই ব্যতিক্ৰমী পদক্ষেপ ৷ সন্ধিয়া 5 বজাৰ লগে লগে বাগিছাখনত বাহিৰৰ যান-বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে দিনৰ ভাগত বাগিছাখনত প্ৰৱেশ কৰা প্ৰতিখন যান-বাহনক বাগিছাৰ মুখ্য প্ৰৱেশদ্বাৰত ছেনিটাইজ কৰাৰ বাবে বাগিছা কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷

বাগিছা কৰ্তৃপক্ষই প্ৰতিগৰাকী শ্ৰমিকক মাস্ক পৰিধান কৰিহে বাগিছাৰ কামত নিয়োজিত হ'বলৈ নিৰ্দেশ দিয়াৰ লগতে শ্ৰমিক সকলে যাতে সঘনাই হাত-মুখ ধুব পাৰে তাৰ বাবে বাগিছাৰ ঠায়ে ঠায়ে চাবোন পানীৰ লগতে চেনিটাইজাৰ আদি যোগান ধৰিছে ৷ কৰ্তৃপক্ষৰ এই নিৰ্দেশাৱলী সমূহ শ্ৰমিক সকলে পালন কৰিছে নে নাই সেইয়া প্ৰতি 1 ঘন্টাৰ মূৰে মূৰে তদাৰক কৰে বাগিছা কৰ্তৃপক্ষ, শিক্ষক সমাজ, ৰৌশনী কিশোৰী ক্লাৱৰ সদস্যসকলে ৷ তদুপৰি ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নামচাং চাহ বাগিছাই কোৱাৰেন্টাইন চেন্টাৰ সাজু কৰি ৰাখিছে ।

লগতে পঢ়ক: গুৱাহাটীত পুনৰ কৰ'ণাত আক্ৰান্ত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.