ETV Bharat / state

লেঙেৰীজান চাহ বাগিছাৰ নিৰ্মাণৰত কলনীৰ কাম-কাজ পৰিদৰ্শন জিলা উপায়ুক্তৰ

author img

By

Published : Sep 2, 2020, 4:17 PM IST

উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনৰ জয়পুৰ উন্নয়ন খণ্ডৰ ধাদুমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগিছা এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত পি এম এ ওৱাই কলনী নিৰ্মাণৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় ৷

লেঙেৰীজান চাহ বাগিছাত নিৰ্মাণৰত কলনীৰ কাম- কাজ পৰিদৰ্শন জিলা উপায়ুক্তৰ
UNDERGOING PMAY COLONY CONSTRUCTION INSPECTED BY DC OF DIBRUGARH

নাহৰকটীয়া, ২ চেপ্তেম্বৰঃ বুধবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ লেঙেৰীজান চাহ বাগিছাত নিৰ্মাণৰত পি এম এ ৱাই কলনীৰ কাম-কাজ পৰিদৰ্শন কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্তই । উপায়ুক্ত পল্লৱ গোপাল ঝাই জিলাখনৰ জয়পুৰ উন্নয়ন খণ্ডৰ ধাদুমীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত লেঙেৰীজান চাহ বাগিছা এলেকাত প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণৰ অধীনত পি এম এ ওৱাই কলনী নিৰ্মাণৰ বাবে চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় ৷

উল্লেখ্য যে, কামৰ অগ্ৰগতি পৰিদৰ্শন কৰি উপায়ুক্ত ঝাই তাত থকা চাহ শ্ৰমিকসকলৰে কলনীখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ল'বলগীয়া ব্যৱস্থাৱলী সন্দৰ্ভত আলোচনা কৰে ৷ পিছত তেওঁ নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া বিক্ৰম ছেত্ৰী আৰু জয়পুৰৰ খণ্ড উন্নয়ন বিষয়াক কলনীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰি সাতদিনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ৷ প্ৰণিধানযোগ্য যে, চাহ বাগানখনৰ ভূমিহীন শ্ৰমিকসকলৰ বাবে চলি থকা এই কলনী সম্পূৰ্ণ হৈ উঠিলে মুঠ ৩২ টা পৰিয়াল উপকৃত হ'ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.