ডিব্ৰুগড় ,18 মে’ : কাৰাবন্দী আলফাৰ নেতা জীৱন মৰাণ আক্ৰান্ত হৈছে ক'ভিডত । উল্লেখ্য যে, শেহতীয়াকৈ বৰ্ষীয়ান আলফা নেতা জীৱন মৰাণ ওৰফে গুণ্ড ডাঙৰীয়াক ডিব্ৰুগড় আৰক্ষীয়ে 2019 চনতে পঞ্জীভুক্ত হৈ থকা এটা গোচৰত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ।
ইফালে, মঙলবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ক'ভিড পৰীক্ষা সময়ত আলফাৰ জ্যেষ্ঠ নেতা জনৰ লগতে মুঠ 52 জন লোকৰ দেহত পোৱা গৈছে ক’ভিডৰ অৱস্থিতি ।
জানিব পৰা মতে, দুদিনৰ পূৰ্বে এজন কয়দীৰ ক'ভিডত আক্ৰান্ত হোৱাত আজি কাৰাগাৰখনৰ কয়দী সকলৰ ক'ভিড পৰীক্ষা কৰা হৈছিল ।
উল্লেখ্য যে, ডিব্ৰুগড়ৰ চৌকিডিঙীৰ বিশাল কুমাৰ মিশ্ৰ নামৰ এজন ব্যৱসায়ীক 20 লাখ টকা ধনদাবীৰ সন্দৰ্ভত থকা এক গোচৰৰ ভিত্তিত ৩০ এপ্ৰিলত ভাৰতীয় দণ্ডবিধি আইনৰ 387/ IPC r/w Section 66(D) IT act আৰু অতিৰিক্ত ভাবে 66(F)(I)(a) IT ধাৰাৰ অধীনত 1197/2019নং গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল আলফা নেতাজনক।
স্মৰ্তব্য যে, প্ৰায় চাৰিটা দশকৰ সুদীৰ্ঘ সময় আলফাত থকা কালচোৱাত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সোঁ-হাত স্বৰূপ জীৱন মৰাণক জীৱনৰ বাকী সময়চোৱাত পৰিয়ালৰ সৈতে কটোৱাৰ বাবে আলফা স্বাধীনৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিল ।
পৰৱৰ্তী সময়ত, অসম অৰুণাচল সীমান্তৰ পৰা সেনাৰ তত্বাৱধানত অসমলৈ লৈ অনাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আলফা নেতা গৰাকীক ৷
জানিব পৰা মতে, বৰ্তমান তেখেতক আন ক’ভিড আক্ৰান্ত সকলৰ সৈতে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতেই আইচলেশ্যনত ৰখা হৈছে ৷
লগতে পঢ়ক : ডিগবৈ টিংৰাই গ্ৰেনেড বিস্ফোৰণৰ কাণ্ডৰ আঁৰত কোন?