ডিব্ৰুগড়,23 জুলাই: দেওবাৰে পুনৰ এনকাউন্টাৰ ঘটনা ৷ এইবাৰ আৰক্ষীৰ গুলীত আহত হৈছে সন্দেহজনক আলফাৰ (স্বাঃ) লিংকমেন হেম চেতিয়া ৷ যি সময়ত চৰকাৰ আৰু আলফা (স্বাঃ)ৰ মাজত আলোচনাৰ প্ৰসংগ উত্থাপন হৈছে তেনে সময়তে উজনি অসমত শক্তি বৃদ্ধি কৰিছে আলফা (স্বাঃ)ই ! শনিবাৰে বৃহৎ পৰিমাণৰ ধনসহ আৰক্ষীৰ জালত পৰিছিল দুজনকৈ সন্দেহজনক আলফাৰ লিংকমেন ৷ দুই সন্দেহজনক আলফা লিংকমেনক ডিব্ৰুগড় আৰু খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰিছিল পুষ্পাঞ্জলী দেৱী গগৈ আৰু হেম চেতিয়া নামৰ দুই সন্দেহজনক আলফা স্বাধীনৰ লিংকমেনক ৷
ইফালে দেওবাৰে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে সংবাদমেলযোগে পুৱাৰ ভাগত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ ‘‘খোৱাং দুলীয়া ডিমৌৰ পৰা গ্ৰেপ্তাৰ কৰিছিল হেম চেতিয়াক । হেম চেতিয়াৰ পৰা এখন বাহন, ১ লাখ ৬৪ হাজাৰ টকা আৰু বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে ৷ আটক হোৱা হেম চেতিয়াই খোৱাঙত পুনৰ ধন থকা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল ৷’’
তেওঁ লগতে কয়, ‘‘সেই স্বীকাৰক্তিৰ ভিত্তিত আৰক্ষীয়ে টকা ৰখা স্থানলৈ লৈ গৈছিল আটকাধীন হেম চেতিয়াক ৷ তেতিয়াই আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰিছিল হেম চেতিয়াই ৷ পলাবলৈ চেষ্টা কৰা হেম চেতিয়াক লক্ষ্য কৰি আৰক্ষীয়ে গুলীচালনা কৰে ৷ ফলত হেমৰ ভৰিত গুলি লাগে ৷’’
আনহাতে গ্ৰেপ্তাৰ কৰা দুই আলফা লিংকমেনৰ সন্দৰ্ভত আৰক্ষী অধীক্ষক গৰাকীয়ে কয়, "প্ৰকৃততে আলফাৰ লগত জৰিত নে আলফাৰ নাম লৈ ধন তেওঁলোক সংগ্ৰহ কৰিছে তাৰ সন্দৰ্ভত মুখ খোলা নাই গ্ৰেপ্তাৰ কৰা দুই আলফা লিংকমেনে ৷ ’’ একাংশ বাগিচাৰ মালিকক কৰা ধন দাবীৰ লগত আটকাধীন দুই লিংকমেন জৰিত আছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত আৰক্ষী বিষয়াগৰাকীয়ে স্পষ্টকৈ প্ৰকাশ নকৰিলে বিষটোৰ সন্দৰ্ভত ৷ কেৱল তদন্ত অব্যাহত আছে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক:Manipur Violence : মণিপুৰৰ ঘটনাই বিশ্ববাসীৰ সন্মুখত ভাৰতক লজ্জানত কৰিলে; ড০ নগেন শইকীয়া