মৰাণ, 1 জুন : অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়(Assam Police against drugs and ganja) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ।
এইবাৰ বিশেষ সুত্ৰৰ পম খেদি বৰবৰুৱাৰ চেঁচা তিনিআলিৰ পৰা আৰক্ষীয়ে বিক্ৰী কৰি থকা অৱস্থাত জব্দ কৰে ৪৩৯ গ্ৰাম গাঞ্জা ৷ গাঞ্জাখিনি বিক্ৰী কৰি থকাৰ সময়তে আৰক্ষীয়ে লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয়(Two person arrested for selling ganja at Dibrugarh) ৷ আটকাধীন যুৱককেইজন হৈছে বিমান পাইট আৰু দৱানবাৰীৰ গাঞ্জা বিক্ৰেতা উৎপল দাস ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দীৰ্ঘদিন ধৰি এই যুৱক দুজনে বৰবৰুৱা অঞ্চলত চলাই গৈছিল গাঞ্জাৰ ৰমৰমীয় ব্যৱসায় ৷
ইফালে, বৰপেটাৰ হাউলীতো শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে(Huge quantity of ganja seized in Barpeta) ৷ ধৃত গাঞ্জা সৰবৰাহকাৰী দুটা বকুল বৈশ্য আৰু মান্নান হুছেইন ৷ দুয়োৰো ঘৰ হাউলীৰ সমীপৰ কালঝাৰ গাঁৱত ৷
আৰক্ষীয়ে সৰবৰাহকাৰী দুটাৰ পৰা প্ৰায় ৩৬ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে ৷ হাউলীৰ কালঝাৰৰ পৰা বৰপেটাৰোডলৈ গৈ থকা অৱস্থাত গাঞ্জাসহ সৰবৰাহকাৰীদুটাক গ্ৰেপ্তাৰ কৰে হাউলী আৰক্ষীয়ে(Two ganja supplier arrested in Barpeta) ।
লগতে পঢ়ক : বৰপেটাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী