চাবুৱা , 20 এপ্ৰিল : শুকুৰবাৰে নিশা চাবুৱাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তীব্ৰবেগী স্কুল বাছৰ খুন্দাত এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন ৷
বিহু উপলক্ষে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহত আয়োজন কৰা ভোজৰ মাজতে সংঘটিত হয় এই অঘটন ৷ বিজেপিৰ দুগৰাকী মহিলা নেত্ৰীৰ স্বামী ক্ৰমে কুশল বৰুৱা আৰু পল্লৱ বৰুৱাক NL-05-B-1475 নম্বৰৰ এখন তীব্ৰবেগী স্কুল বাছে মহতিয়াই লৈ যায় ৷ ফলত ঘটনাস্থলীতে নিহত হয় কুশল বৰুৱা নামৰ লোকজন ৷ আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পল্লব বৰুৱাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ কুশল আৰু পল্লৱ দুয়ো বিধায়কগৰাকীৰ বাসগৃহৰ সমীপৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা অৱস্থাতে সংঘটিত হয় এই কৰুণ দুৰ্ঘটনাটো ৷ উল্লেখ্য যে স্কুল বাছখন তিনিচুকীয়াত মেৰামতি কৰি চাবুৱালৈ ঘূৰি আহি থকা সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ইপিনে স্কুল বাছ খনৰ চালক আব্দুল ৰফিকৰ বিৰুদ্ধে সুৰাপান কৰি বাছখন চলোৱা অভিযোগ উত্থাপিত হৈছে ৷ পৰৱৰ্তী সময়ত চাবুৱা আৰক্ষীয়ে চালক আব্দুল ৰফিকক গ্ৰেপ্তাৰ কৰে ৷