মৰাণ , ২৬ ডিচেম্বৰ : ২৪ ডিচেম্বৰত জম্মু কাশ্মীৰৰ গাণ্ডেৰৱালত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ ফলত ছহিদ হয় কেইবাগৰাকী ভাৰতীয় চি আৰ পি এফ জোৱান । বীৰ জোৱানসকলৰ ভিতৰত আছে অসমৰ ডিব্ৰুগড় জিলাৰ মৃত্য়ুঞ্জয় চেতিয়াও । ডিব্ৰুগড়ৰ চিচিবৰগাঁওস্থিত বাসগৃহলৈ তেওঁৰ নশ্বৰ দেহ অনাৰ পিছতে এক অবৰ্নণীয় পৰিবেশে বিৰাজ কৰে অঞ্চলটোত ।

বিভিন্নজনে আহি বীৰ ছহিদ জনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে । শোকাকুল পৰিবেশৰ মাজতে শনিবাৰে ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী আৰু অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্তই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
লগতে পঢ়ক : কাকপথাৰ ডিৰাক গেটত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ