আমগুৰি, ২২ ডিচেম্বৰ : সচৰাচৰ পথাৰৰ ধান ঘৰলৈ চপাই অনাৰ পাছতে এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় গ্ৰামাঞ্চলত । গৰু হালেৰে ঘৰৰ চোতালে চোতালে মৰণা মৰাত ব্যস্ত হৈ পৰে কৃষকসকল (Traditional paddy thresher system with cow)। কিন্তু বৰ্তমান দেখিবলৈ পোৱা নাযায় এই দৃশ্য । গ্ৰামাঞ্চলতো ইতিহাস হোৱাৰ দিশে পৰম্পৰাগত সেই প্ৰথা (Traditional paddy thresher system in verge of extinction) ।
গৰু হালৰ অভাৱ আৰু অত্যাধুনিক যন্ত্ৰৰ সুবিধাৰ বাবে কৃষকসকলে এৰিলে পৰম্পৰাগত মৰণা মৰা প্ৰথা (People use paddy thresher machine)। এয়া শিৱসাগৰ জিলাৰ দৃশ্য । দুই এখন গাঁৱৰ কৃষকে কিন্তু আজিও ধৰি ৰাখিছে মৰণা মৰা পৰম্পৰা ।
অৱশ্যে বৰ্তমান যন্ত্ৰই কিছু পৰিমাণে সহজ কৰিছে তুলিছে । এতিয়া সময়ৰো কম প্ৰয়োজন হয় । কিন্তু এতিয়াও বহু কৃষকৰ মতে যন্ত্ৰতকৈও গৰু হালৰ সৈতে মৰণা মৰা হে বেছি উত্তম ।
যাৰ বাবে এই প্ৰথা ধৰি ৰাখিবলৈ আহ্বান জনাইছে কৃষকসকলে । মুঠতে বিজ্ঞানৰ যুগত সকলো ক্ষেত্ৰতে আহিছে পৰিৱৰ্তন । কৃষি কৰ্মটো পৰিছে ইয়াৰ প্ৰভাৱ । যাৰ বাবে ইতিমধ্যে সমাজৰ পৰা হেৰাই গৈছে বহু পৰম্পৰা ।
লগতে পঢ়ক : First Tea Museum in Northeast: ডিব্ৰুগড়ত মুকলি হ’ব ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম