ETV Bharat / state

টাইপাৰ কেন্দ্ৰীয় পঞ্চম পঞ্চবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন - পতাকা উত্তোলন

টাইপা কেন্দ্ৰীয় পঞ্চম পঞ্চবাৰ্ষিক অধিবেশন 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে মৰাণ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত । প্ৰথমদিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, অসমীয়া জাতিৰ জনক চ্যাওলুং ছ্যুকাফা প্ৰতিমূৰ্তিৰ সন্মোখত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷

fifth-five-year-session-of-the-taypa
টাইপাৰ কেন্দ্ৰীয় পঞ্চম পঞ্চবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন
author img

By

Published : Dec 27, 2020, 7:40 AM IST

মৰাণ, 27 ডিচেম্বৰ: টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় পঞ্চম পঞ্চবাৰ্ষিক অধিবেশন 26 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছে মৰাণ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত । বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনৰ প্ৰথমদিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, অসমীয়া জাতিৰ জনক চ্যাওলুং ছ্যুকাফা প্ৰতিমূৰ্তিৰ সন্মোখত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় ৷

ইয়াৰ পিচতেই প্ৰদৰ্শনী, মেলাৰ দোৱাৰ মুকলি কৰে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ আৰু চিত্ৰাংকন প্ৰতিযগিতা অনুষ্ঠিত হয় ৷

টাইপাৰ কেন্দ্ৰীয় পঞ্চম পঞ্চবাৰ্ষিক অধিবেশনৰ আজি দ্বিতীয় দিন

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰদৰ্শনীৰ দুৱাৰ মুকলি কৰি এই অধিবেশনে জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য প্ৰকাশ কৰে । টাইপা কেন্দ্ৰীয় সমিতিৰ আহ্বানত, মৰাণ মহকুমা সমিতিৰ লগতে বিভিন্ন জিলা ও মহকুমা সমিতিৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত এই অধিবেশনৰ ২৮ তাৰিখৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি উদ্যোগতা সকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.