ETV Bharat / state

প্ৰাক্তন আলফা সদস্যৰ শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ লাভ - পুৰস্কাৰ

টিংখাঙৰ নলনী-কপহুৱা নামৰ এখন ভিতৰুৱা গাঁৱৰ দুৰ্লভ গগৈ নামৰ প্ৰাক্তন আলফা সদস্য জনে নিজা প্ৰচেষ্টাৰে নিমাৰ্ণ কৰি উলিওৱা কলঘৰৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰে শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ

প্ৰাক্তন আলফা সদস্যৰ শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ লাভ
author img

By

Published : Aug 5, 2019, 3:20 PM IST

টিংখাং, 5 আগষ্টঃ টিংখাঙৰ নলনী-কপহুৱা নামৰ এখন ভিতৰুৱা গাঁৱৰ দুৰ্লভ গগৈ নামৰ এজন ব্যক্তিয়ে আজুৰি আনিলে ৰাষ্ট্ৰীয় সন্মান ৷ এসময়ত তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল,কিন্তু যিখন হাতেৰে এদিন তেওঁ বন্দুক তুলি বিদ্ৰোহী হৈ পৰিছিল,আজি সেইখন হাতেৰেই দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আজুৰি আনিবলৈ সক্ষম হ'ল ৰাষ্ট্ৰীয় পুৰষ্কাৰ ৷ ব্যক্তিজনে 2011 চনতে মাত্ৰ একলাখ টকা ঋণ লৈ কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ সম্পূৰ্ণ নিজা চিন্তা-চৰ্চাৰে নিমাৰ্ণ কৰিছে এটা কলঘৰ যাৰ সহায়ত ক্ষুদ্ৰ চাহ খেতিয়কসকলে একক নাইবা সমবায় ভিত্তিত গ্ৰীণ টি , অৰ্থডক্স বা ব্লেক টিৰ দৰে উন্নত মানৰ চাহ প্ৰস্তুত কৰিব পাৰে ৷ দুৰ্লভ গগৈক এই উদ্ভাৱনৰ বাবেই National Innovation Foundation- India চমুকৈ NIFয়ে গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে শ্ৰেষ্ঠ উদ্ভাৱকৰ পুৰস্কাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে,অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগলৈকে বৰ্ত্তমানলৈ প্ৰায় এশটা ক্ষুদ্ৰ কলঘৰ বিক্ৰী হৈছে ব্যক্তিজনে জানিবলৈ দিছে ৷

Intro:টিংখাঙৰ এজন ব্যক্তিয়ে আজুৰি আনিলে ৰাষ্ট্ৰীয় সন্মান । এসময়ত তেওঁ সশস্ত্ৰ সংগ্ৰামৰ পথ বাছি লৈছিল। পিচে যিখন হাতত এদিন তেওঁ মাৰনাস্ত্ৰ তুলি লৈছিল আজি সেইখন হাতেৰেই দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আজুৰি আনিবলৈ সক্ষম হ'ল ৰাষ্ট্ৰীয় পুৰষ্কাৰ। চাওঁক এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।
Body:এসময়ৰ এজন দুৰ্ধৰ্ষ আলফা সদস্য। এদিন সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি জড়িত হৈ পৰিছিল সৃষ্টিশীল কৰ্মত। আৰু আজি সেইজন লোকেই অসমলৈ কঢ়িয়াই আনিছে ৰাষ্ট্ৰীয় সন্মান।
একান্ত নিষ্ঠা-একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি তোলা এইজন দুৰ্লভ গগৈ। টিংখাঙৰ নলনী-কপহুৱা নামৰ ভিতৰুৱা গাঁওখনত দুৰ্লভ গগৈয়ে নিজা প্ৰচেষ্টাৰে গঢ়ি তুলিছে ক্ষুদ্ৰ কলঘৰ তথা মেচিন নিৰ্মাণৰ উদ্যোগ প্ৰতিষ্ঠানটো। এই উদ্যোগত বিশেষকৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে দুৰ্লভ গগৈয়ে নিজা চিন্তা -চৰ্চাৰে নিৰ্মাণ কৰি উলিয়াইছে ক্ষুদ্ৰ কলঘৰ। মাত্র তিনিলাখ টকাতে ক্ৰয় কৰিব পৰা এনে একোটা মেচিন স্হাপন কৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে একক নাইবা সমবায় ভিত্তিত গ্ৰীণ টি , অৰ্থডক্স বা ব্লেক টি প্ৰস্তুত কৰি পকাচাহৰ থলুৱা বজাৰৰ লগতে বৈদেশিক বজাৰো দখল কৰিব পাৰে।
Conclusion:দুৰ্লভ গগৈক তেওঁৰ এই উদ্ভাৱনৰ বাবেই National Innovation Foundation- India চমুকৈ NIF য়ে কিছুদিন পূৰ্বেই গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে শ্ৰেষ্ঠ উদ্ভাৱকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে ২০১১ চনত মাত্ৰ একলাখ টকা ঋণ লৈ দুৰ্লভ গগৈয়ে আৰম্ভ কৰিছিল কলঘৰ নিৰ্মাণৰ প্ৰকল্পটো। প্ৰথমে এটা সৰু ৱেলডিং মেচিন কিনি আনি কোনো ধৰণৰ প্ৰশিক্ষণ অবিহনে একমাত্ৰ নিজৰ উদ্ভাৱনি শক্তিৰ বলতে এটা -এটাকৈ সাজিবলৈ শিকিছিল বিভিন্ন যন্ত্রপাতি। বৰ্তমান তেওঁৰ কাৰাখানাত ছেমি অট' সম্পূৰ্ণ অট'মেটিক , ই চি পি ডায়াৰ বা কোৱালিটি ডায়াৰ , ৰটেচনেল বা ৰটাৰী ডায়াৰ , ৰাউণ্ড ডায়াৰ আদিৰ লগতে পিঠাগুৰি , হালধি আদি খুন্দিব পৰা বিভিন্ন মেচিন নিৰ্মাণ কৰা হয়। অসমৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচল প্ৰদেশ আৰু পশ্চিমবংগলৈকে বৰ্ত্তমানলৈ প্ৰায় এশটা ক্ষুদ্ৰ কলঘৰ বিক্ৰী হৈছে। সুখৰ বিষয় যে দুৰ্লভ গগৈৰ এই ক্ষুদ্ৰ উদ্যোগ কাৰখানাটোত প্ৰত্যক্ষভাৱে ২৫ জন নিবনুৱাই কৰ্মসংস্হাপন লাভ কৰিছে।

Byte - দুৰ্লভ গগৈ ।

টিংখাঙৰ পৰা দীপক গগৈ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.