টিংখাং, 31 মে’ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে টিংখাঙতো কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি পাইছে । অঞ্চলটোত একাংশ ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে একাংশই চিকিৎসকৰ পৰামৰ্শ মতে হোম আইচ’লেচনত আছে । বহু কৰ’ণা আক্ৰান্ত পৰিয়ালৰ মাজত দেখা দিছে খাদ্য সংকটে ।
সেয়েহে এনে জটিল পৰিস্থিতিত অসম জাতীয় পৰিষদৰ মাহমৰা বৰপথাৰ আঞ্চলিক সমিতিয়ে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন । অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি শুভাকৰণ কোঁহাঞীৰ নেতৃত্বত মাহমৰা বৰপথাৰ পঞ্চায়তৰ অন্তৰ্গত ক'ভিড আক্ৰান্ত পৰিয়ালৰ মাজত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে পৰিয়াল সমূহৰ মাজত শাক-পাচলি, চাউল, দাইল, মিঠাতেল, আলু-পিঁয়াজ আদি খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে ।
লগতে পঢ়ক : বঢ়মপুৰৰ আদৰ্শ গাঁৱক কন্টেইনমেন্ট জ'ন ঘোষণা