ETV Bharat / state

টিংখাঙত কাঠ-বাঁহৰ খুটাৰে চলিছে শক্তি বিভাগ

টিংখাং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত পুৰণি শলগুৰি গাঁৱত দেখা পোৱা গৈছে শক্তি বিভাগৰ চৰম গাফিলতি ৷ মৰাণ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ত বৈদ্যুতিক খুটাৰ বাবে বাৰম্বাৰ আবেদন কৰিও কোনো সুফল নোপোৱাত ৰাইজে নিজে ধন খৰছ কৰি তামোল,বাঁহ,কাঠৰ খুটাত সংযোগ কৰিছে বিদ্যুত পৰিবাহী তাঁৰ ৷

Tingkhang electricity department casuality
টিংখাঙত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলিছে শক্তি বিভাগে
author img

By

Published : Sep 15, 2020, 6:58 PM IST

ডিব্ৰুগড়, 15 ছেপ্তেম্বৰঃ টিংখাঙত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ অভিযওগ ৰাজ্য়ৰ শক্তি বিভাগৰ বিৰুদ্ধে ৷ বাঁহ,কাঠৰ খুটাৰে সংযোগ কৰা হৈছে বিদ্যুত পৰিবাহী তাঁৰ ৷ যাৰ ফলত যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ বিপদ ৷ টিংখাং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত পুৰণি শলগুৰি গাঁৱত দেখা পোৱা গৈছে শক্তি বিভাগৰ চৰম গাফিলতি ৷ বিদ্যুত যোগান ধৰা হৈছে যদিও নাই পঁকী খুটা ৷ ফলত গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন খৰছ কৰি বিদ্যুৎ পৰিবাহী তাঁৰ ক্ৰয় কৰি তামোল,বাঁহ,কাঠৰ খুটাৰে বিদ্যুত সংযোগ কৰিবলৈ বাধ্য হৈছে ৷

টিংখাঙত কাঠ-বাঁহৰ খুটাৰে চলিছে শক্তি বিভাগ

আনহাতে,বৰাম্বাৰ মৰাণ বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয়ৰ সৈতে বিদ্যুৎ পৰিবাহী পকী খুঁটাৰ বাবে আবেদন নিবেদন কৰাৰ পিছতো কোনো সুফল লাভ কৰা নাই গাঁওবাসীয়ে ৷ যাৰ বাবে এতিয়া যিকোনো মুহুৰ্ততে সংঘটিত হ’ব পৰা এক ভয়ংকৰ বিপদৰ আশংকা কৰি শক্তি বিভাগৰ ওপৰত ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-লক ডাউনে বিপদত পেলাইছে ধেমাজিৰ এহাল দম্পতিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.