মৰাণ,2 মে': দুলীয়াজান সমষ্টিত পুনৰ বিজেপি বিধায়ক তেৰছ গোৱালাই শেষ হাঁহি মৰাৰ দিশে গতি কৰিছে । ভোট কেন্দ্ৰৰ পৰা ওলাই বিধায়কজনে দুলীয়াজানৰ ৰাইজক ধন্যবাদ জনায় । লগতে বিধায়কজনে কয়, সমষ্টিটোৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও ভোট যুদ্ধত প্ৰতিদ্বন্দ্বিতালৈ নাহিল গগৈ ।
মুঠৰ ওপৰত ডিব্ৰুগড়ৰ ৭ টা সমষ্টিত এই মুহুৰ্তলৈকে বিজেপিয়ে জয়যাত্ৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: অনিশ্চয়তাত মমতাৰ ভাগ্য