ETV Bharat / state

Assam-Nagaland border Tension: নগাৰ আক্ৰমণত গুৰুতৰভাৱে আহত ২ অসমীয়া ছাত্ৰ

author img

By

Published : Nov 26, 2021, 7:55 AM IST

Updated : Nov 26, 2021, 8:33 AM IST

চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৰ কানুবাৰী বালিজান গ্ৰান্টত পুনৰ উত্তেজনা (Assam-Nagaland Borde Tension)৷ অসমীয়া দুই ছাত্ৰক নগা দুৰ্বৃত্ত (Naga Miscreant)এ দিন দুপৰতে উঠাই নি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ আনহাতে, প্ৰায় একে সময়তে ডিগবৈত নিষিদ্ধ ঘোষিত সংগঠন আপলা আৰু আনলাৰ তিনি দুধৰ্ষ কেডাৰৰ মাৰণাস্ত্ৰ সহ আত্মসমৰ্পণ ৷

Alpa and Anla Cader Surrendered
অসম নাগালেণ্ডত সীমান্তৰ কানুবাৰী বালিজান গ্ৰান্টত পুনৰ উত্তেজনা

মৰাণ, 26 নৱেম্বৰ : চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা (Assam-Nagaland border Tension) ৷ ২ অসমীয়া ছাত্ৰক ৮ জনীয়া এটা নগা দুৰ্বৃত্তৰ (Naga Miscreants)দলে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ ঘটনাৰ বিৱৰণি অনুসৰি, নাগালেণ্ডৰ লকুন বস্তিৰ এখন সাপ্তাহিক বজাৰৰ পৰা ২ অসমীয়া ছাত্ৰক ৮ জনীয়া এটা নগা দুৰ্বৃত্ত (Naga Miscreant)ৰ দলে বাইকেৰে উঠাই নি ঘন জংঘলৰ ভিতৰত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ৷ আনকি নগা দুৰ্বৃত্ত কেইটাই ঘন জংঘলৰ ভিতৰতে 2 ছাত্ৰক গাঁত খান্দি পুতি হত্যাৰো চেষ্টা চলায় ৷

আসাম ৰাইফলছৰ (Assam Rifles) এটা দলৰ সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত হোৱা বুলি জানিব পাৰি নগা দুৰ্বৃত্তৰ দলটোৱে সেই স্থানতে ছাত্ৰ দুজনক এৰি পলায়ন কৰে ৷ নগাৰ আঘাতত গুৰুতৰভাৱে আহত হয় কানুবাৰী বালিজান গ্ৰান্টৰ দুই ছাত্ৰ ক্ৰমে প্ৰাঞ্জল লাহন (২০) আৰু নৱজ্যোতি লাহন (২৫) ৷ জানিব পৰা মতে, বিগতে কেইমাহ মান পূৰ্বে কানুবাৰী বালিজান গ্ৰান্ট গাঁৱৰ পৰা অস্ত্ৰসহ তিনি গৰাকী এন এ ছি এনপৰ সদস্য আটক কৰিছিল আসাম ৰাইফলছে (Assam Rifles arrested NSCN Cadet) ৷

তিনি গৰাকী এন এ ছি এনৰ সদস্যক আটক কৰাত আসাম ৰাইফলছক প্ৰাঞ্জল লাহন আৰু নৱজ্যোতি লাহনক সহায় কৰিছিল বুলি নগা দুৰ্বৃত্তই সন্দেহ কৰে ৷ যাৰ ফলতেই দুই ছাত্ৰক বুধবাৰে দিন দুপৰতে বজাৰৰ পৰা উঠাই নি প্ৰহাৰ কৰে নগা দুৰ্বৃত্তই ৷ এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলটোতে বিৰাজ কৰিছে চেপা উত্তেজনাই ।

লগতে পঢ়ক : সন্দেহজনক নগা দুৰ্বৃত্তৰ উপদ্ৰৱ : লুটি নিলে দহটাকৈ ম’হ

চৰাইদেউৰ অসম নাগালেণ্ড সীমান্তৰ এই ঘটনা মাৰ নৌ যাওঁতেই ডিগবৈত নিষিদ্ধ ঘোষিত সংগঠন আলপা আৰু আনলাৰ তিনি দুধৰ্ষ কেডাৰে আত্মসমৰ্পণ কৰে (Alpa and Anla Cadet Surrendere) ৷ ডিগবৈ আৰক্ষী থানা (Digboi Police Station)ত নিষিদ্ধ ঘোষিত সংগঠন চমুকৈ আপলা আৰু আদিবাসী পিপুলৰ্চ লিবাৰেচন আৰ্মী (Adivasi People's Liberation Army)ৰ দুই আৰু অল আদিবাসী নেছনেল লিবাৰেচন আৰ্মী (All Adivasi National Liberation Army) চমুকৈ আনলাৰ এক দুধৰ্ষ কেডাৰে বৃহস্পতিবাৰে দুটা পিষ্টল, এটা ইনচাৰ্জ ৰাইফলচ আৰু ২৬জাই সঁজীৱ গুলি জমা দি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

জানিব পৰা মতে, আত্মসমৰ্পণ আপলা আৰু আনলা দুধৰ্ষ কেডাৰ কেইটা ক্ৰমে জেমচন মুণ্ডা (৩০), লেখন পৰ্জা (৩০) আৰু লোকেশ কাণ্ডোলানা (৫৫) ৷ আটাইকেইজন দুধৰ্ষ আত্মসমৰ্পণকাৰী কেডাৰ কেইজন কাৰ্বিআলং জিলাৰ নিবাসী বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আলফা (স্বা)ৰ তিনি কেডাৰৰ আত্মসমৰ্পণ

Last Updated : Nov 26, 2021, 8:33 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.