ETV Bharat / state

বাগিচাত চাহ শ্ৰমিকে আটক কৰিলে দুটাকৈ ড্ৰাগছ সেৱনকাৰী

author img

By

Published : Aug 27, 2021, 10:40 AM IST

ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে থাওৰা চাহ বাগিচাত দুটাকৈ ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰি ডিমৌ আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে।

tea-workers-detain-two-drug-users-in-thaora-tea-garden-etv-bharat-assam-news
বাগিচাত চাহ শ্ৰমিকে আটক কৰিলে দুটাকৈ ড্ৰাগছ সেৱনকাৰী

মৰাণ, 27 আগষ্ট : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ ৰাজ্যৰ পৰা অপৰাধমূলক কাৰ্য দমন কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক দিছিল কঠোৰ নিৰ্দেশ ৷ এই নিৰ্দেশৰ পাচতেই আৰু অধিক তৎপৰ হৈছে অসম আৰক্ষী ৷ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী ৷ লগতে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধীক ৷

ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ অভিযানত ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে কোটি কোটি টকাৰ ড্ৰাগছ সহ অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা পিছতো কিন্তু এতিয়াও একাংশ লোকে অবৈধভাৱে এই সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ বৃহস্পতিবাৰে থাওৰা চাহ বাগিচাত দুটাকৈ ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰি ডিমৌ আৰক্ষীক গতাই দিয়ে।

উল্লেখ্য যে, চেপন আৰক্ষী চকীৰ বিষয়া প্ৰতাপ শৰ্মাৰ নেতৃত্বত বাগিচাখনৰ বিভিন্ন স্থানত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ৷ AS-33-3206 নম্বৰৰ এখন মটৰ চাইকেল লৈ মৰাণৰ আহোম গাঁৱৰ বিতুপন সোণোৱাল আৰু মৰাণৰ হাটখোলাৰ ৰাহুল দাসে পুৱা থাওৰা বাগিচাত প্ৰৱেশ কৰি ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত চাহ শ্ৰমিক সকলে হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়ে ।

জানিব পৰা মতে, ধৃত যুৱকদ্বয়ৰ উপৰিও বহু যুৱকে থাওৰা বাগিচাত প্ৰৱেশ কৰি ড্ৰাগছ সেৱন কৰাৰ পিছত বাগিচা খনৰ মহিলা শ্ৰমিক সকলক অশ্লীল ভাষা প্ৰয়োগ কৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । পিছত ঘটনাস্থলীত ডিমৌ আৰক্ষী উপস্থিত হৈ যুৱকদ্বয়ক আটক কৰাৰ লগতে দুয়োৰে পৰা ড্ৰাগছভৰ্তি দুটাকৈ আৰু মটৰ চাইকেলখন জব্দ কৰে ।

লগতে পঢ়ক:এখন গাঁৱত ঘৰে ঘৰে নিষিদ্ধ ভাং খেতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.