ETV Bharat / state

ভিন্ন দাবীৰে মৰাণ কঁপালে টাইপাই - ভিন্ন দাবীৰে মৰাণ কঁপালে টাইপাই

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিত জুৰুলা সৰ্বসাধাৰণ জনতা । এইবাৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে প্ৰতিবাদত নামিল মৰাণৰ টাই আহোম যুৱ পৰিষদৰ মহকুমা সমিতিৰ কাৰ্যকৰ্তা(TAYPA protests against price hike) । লগতে উত্থাপন কৰে কেইবাটাও দাবী ।

taypa protests against price hike
ভিন্ন দাবীৰে মৰাণ কঁপালে টাইপাই
author img

By

Published : May 14, 2022, 5:59 PM IST

মৰাণ,১৪ মে': শনিবাৰে মৰাণত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা মহকুমা সমিতিৰ উদ্যোগত মৰাণ নগৰৰ মাজমজিয়াত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ (TAYPA protests against price hike) । মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত প্ৰতিকূল বতৰকো নেওচি বৰষুণত তিতি টাই আহোম সকলক জনজাতিকৰণৰ দাবীত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মুৰ্দাবাদ আদি শ্ল'গানেৰে সমগ্ৰ মৰাণ অঞ্চল উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । লগতে দাবী কৰে যে চৰকাৰে অসমৰ জনসাধাৰণৰ পেটত গোৰ মাৰি মূল্যবৃদ্ধি কৰিছে আৰু বৰ্তমান অসম চৰকাৰৰ অহংকাৰ হৈছে ।

ভিন্ন দাবীৰে মৰাণ কঁপালে টাইপাই

অসম চৰকাৰৰ অকৰ্মণ্য মন্ত্ৰীসকলক বহিষ্কাৰ কৰি যোগ্য লোকক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈ দাবী জনাই টাইপাই । লগতে তাই আহোম সকলক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই(Demand to curb price rise soon) ।

অন্যথা ইয়াৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী টাইপাৰ সদস্য সকলে । আনহাতে আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰি ৰাজ্যসভা, বিধানসভাত যিসকল মন্ত্ৰী-বিধায়ক হৈছে সেই সকল মন্ত্ৰী-বিধায়কে আহোম সম্প্ৰদায়ক জনজাতিকৰণৰ ক্ষেত্ৰত জাতিটোক প্ৰতাৰণা কৰিছে বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: বৰপেটাত ভিনীয়েকৰ হাতত প্ৰাণ গ’ল খুলশালীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.