ডিব্ৰুগড়, 1 অক্টোবৰ : ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনাৰ সফল ৰূপায়নত তৎপৰ হৈছে প্ৰশাসন ৷ ৫০ টাকৈ আত্মসহায়ক গোটৰ সদস্য-সদস্যাক প্ৰশিক্ষণ দিয়া হৈছে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মহিলা সকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যেৰে লোৱা হৈছে বহু কেইখন অভিলাষী আচঁনি ৷
![ডিব্ৰুগড়ত দীনদয়াল অন্তোদয়া যোজনাৰ সফল ৰূপায়ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8016to8018-trainingofatmosahayakgutindibrugarh-as10031_01112020134007_0111f_1604218207_791.jpg)
এই আচঁনি সমূহ ডিব্ৰুগড় জিলা প্ৰশাসনে তৎপৰতাৰে ৰূপায়ন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । কৰ'ণা আতংক ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পাচতেই বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আচঁনি সমূহৰ বিষয়ে ৰাইজক সজাগ কৰাৰ লগতে প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে । শনিবাৰে ডিব্ৰুগড় জয়শ্ৰী সংঘ প্ৰেক্ষাগৃহত দীনদয়াল অন্তোদয়া যোজনা- ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত আৰু নাবাৰ্ডৰ পৃষ্ঠপোষকতাত ডিব্ৰুগড় জিলাৰ বিভিন্ন ঠাইৰ আত্মসহায়ক গোটৰ সদস্যসকলক বেংক লিংকেজ আৰু একাউণ্টছ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ বায়'পিকৰ পুনৰ মুক্তিয়ে নিৰ্বাচনত প্ৰভাৱ নেপেলায়: নিৰ্বাচন আয়োগ