ETV Bharat / state

২০ দিন অতিক্ৰম : ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত

author img

By

Published : Aug 19, 2021, 9:20 PM IST

মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক নিলম্বনৰ দাবীত মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট ৷ ২০ দিন অতিক্ৰম কৰিলে ছাত্ৰ সমাজৰ এই প্ৰতিবাদে ৷

moran college
ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত

মৰাণ, 19 আগষ্ট : মৰাণ মহাবিদ্যালয়ৰ বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদে 20 দিন অতিক্ৰম কৰিলে ৷ মৰাণ মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ নামত বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি মৰাণ মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজে অধ্যক্ষা গৰাকীৰ বিৰুদ্ধে যোৱা ৩০ জুলাইৰ পৰা আৰম্ভ কৰিছিল অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

চৰাইদেউ জিলা প্ৰশাসনে মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে কৰা অভিযোগ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্ৰ সমাজ এই ক্ষেত্ৰত সন্তুষ্ট নহয় ৷ বৃহস্পতিবাৰে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি ছাত্ৰ সমাজৰ বিষয়ববীয়া সকলে কয়, বিত্তীয় কেলেংকাৰী বিষয়ত তদন্ত অব্যাহত আছে ৷ কিন্তু তদন্তৰ বাবে 12 দিন সময় লৈছিল ৷ ৰহস্যজনভাৱে তদন্ত প্ৰক্ৰিয়া আজি 20 দিন পাৰ হৈ যোৱাৰ পাচতো কোনো এটা সিদ্ধান্ত আহি পৰা নাই চৰাইদেউ জিলা প্ৰশাসনৰ পৰা ৷

২০ দিন অতিক্ৰম : ড৹ মিতালী কোঁৱৰৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ প্ৰতিবাদ অব্যাহত

লগতে পঢ়ক: কাৰ্যালয়ত কৰ্মচাৰী নাই; মন্ত্ৰীয়ে কৰ্তন কৰিলে এদিনৰ দৰমহা

আনহাতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ ওপৰতো বিশ্বাস হেৰুৱাৰ কথা উল্লেখ কৰিছে ছাত্ৰ সমাজে । মহাবিদ্যালয়ৰ পৰিচালনা সমিতিয়েও মহাবিদ্যালয়ৰ অধ্যক্ষা গৰাকীক সহায় কৰা বুলি অভিযোগ তুলিছে ছাত্ৰ সমাজে ৷

উল্লেখ যে, উজনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান মৰাণ মহাবিদ্যালয়ত অধ্যক্ষা ড৹ মিতালী কোঁৱৰক লৈ বিগত দুটা বছৰে মহাবিদ্যালয়ত সৃষ্টি হৈ আহিছে অৰাজক পৰিবেশ । মহাবিদ্যালয়খনৰ অধ্যক্ষা গৰাকীয়ে ঘৰৰ বন কৰা শিশুৰ গাত গৰম পানী ঢালি কৰা অমানসিক নিৰ্যাতনৰ বাবে মহাবিদ্যালয়ৰ পৰা নিলম্বিত হ'ব লগা হৈছিল ।

কিন্তু বিগত কেইদিনমান আগত মহাবিদ্যালয়ত পুনৰ যোগদান কৰিবলৈ অহাত বিৰ্তকিত অধ্যক্ষা গৰাকীক বাধা প্ৰদান কৰিছিল ছাত্ৰ সমাজে । অধ্যক্ষা ড৹ মিতালী কোঁৱৰক নিলম্বনৰ দাবীত মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ সমাজৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্যসূচী অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: কিয় কেঁচা চাহপাত ৰাজপথত পেলাই দিলে ক্ষুদ্ৰ চাহ খেতিয়কে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.