ETV Bharat / state

Mustard seeds farmers in trouble : মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনে বিপাঙত পেলাইছে খেতিয়কক, ঘোষণা কাৰ্যকৰী কৰাৰ আহ্বান খেতিয়কৰ - ঘোষণা কাৰ্যকৰী কৰাৰ আহ্বান খেতিয়কৰ

মুখ্যমন্ত্ৰীৰ ঘোষণাই বিপাঙত পেলাইছে খেতিয়কক ৷ ডিব্ৰুগড়ৰ কেইবাহাজাৰ খেতিয়কে চৰকাৰৰ ভৰষাত মজুত কৰি ৰাখিছে প্ৰায় 2000 টনতকৈ অধিক সৰিয়হ ৷ এমাহৰ পিচতো আজি পৰ্যন্ত চৰকাৰে ক্ৰয়ৰ ক্ষেত্ৰত লোৱা নাই কোনো পদক্ষেপ ৷

state government not buying mustard seeds
মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনে বিপাঙত পেলাইছে খেতিয়কক
author img

By

Published : Jun 24, 2023, 1:32 PM IST

মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনে বিপাঙত পেলাইছে খেতিয়কক

ডিব্ৰুগড়, 24 জুন : মুখ্যমন্ত্ৰীৰ ঘোষণাই বিপাঙত পেলাইছে ৰাজ্যৰ খেতিয়কক ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা ঘোষণাৰ পাছতেই ৰাজ্যৰ সৰিয়হ খেতি কৰা খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে কৃষকৰ পৰা 5450 টকাকৈ প্ৰতি কুইন্টলৰ দৰত সৰিয়হ ক্ৰয় কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু দিন যোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ ঘোষণা যেন ফুটুকাৰ ফেনতহে পৰিণত হৈছে ।

দুৰ্ভাগ্যৰ বিষয় যে, ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ অন্তৰ্গত পোন্ধৰটা কৃষি চক্ৰৰ কেইবাহাজাৰ খেতিয়কে চৰকাৰৰ ভৰষাত মজুত কৰি ৰাখিছে প্ৰায় 2000 টনতকৈ অধিক সৰিয়হ । এক বিজ্ঞাপনযোগে চৰকাৰে মে’ মাহৰ 29 তাৰিখৰ পৰা নূন্যতম সমৰ্থিত মূল্য 5450 টকাকৈ প্ৰতি কুইন্টলৰ দৰত খেতিয়কৰ পৰা সৰিয়হ ক্ৰয় কৰিব বুলি ঘোষণা কৰিছিল । কিন্তু অত্যন্ত পৰিতাপৰ বিষয় যে, নিৰ্ধাৰিত সময়তকৈ এমাহ উকলি যোৱাৰ পিচতো চৰকাৰে এই বিষয়টিৰ সংক্ৰান্তত কোনোধৰণৰ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যিয়ে চিন্তাত পেলাইছে জিলাখনৰ কৃষকসকলক ৷

জিলাখনৰ চেচুঘাট, খোৱাং, বৰবৰুৱা, মৰাণ, মানকটা, ৰহমৰীয়া,পানীতোলা, জয়পুৰ, টিপলিং, নাহৰকটীয়া, ৰাজগড়, টিংখং, টেঙাখাত, কঁঠালগুৰি আৰু লাহোৱাল কৃষি চক্ৰৰ প্ৰায় পোন্ধৰ হাজাৰ নৈপৰীয়া কৃষকে বিগত বছৰসমূহৰ দৰে এইবছৰো কম বেছি পৰিমাণে 2000 টনতকৈও অধিক সৰিয়হ উৎপাদন কৰিছে আৰু চৰকাৰৰ ভৰষাত নিজ নিজ ভঁৰালত মজুত কৰি ৰাখিছে । কিন্তু চৰকাৰৰ এইসমূহ সৰিয়হ ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল ।

ৰাজ্য চৰকাৰখনে বিজ্ঞাপনযোগে কৰা ঘোষণা কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছে জিলাখনৰ সৰিয়হ খেতিয়কসকলে ।

লগতে পঢ়ক : Police arrested SI in Darrang : কৰ্তব্যত গাফিলতিৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.