ETV Bharat / state

Wood smuggling in Dibrugarh: ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ - ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ

ডিব্ৰুগড়ত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Dibrugarh)। জলপথেৰেও চলিছে কাঠৰ কুণ্ডাৰ অবৈধ সৰবৰাহ । সকলো দেখিও কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ বন বিভাগৰ বিৰুদ্ধে ।

Wood smuggling in Dibrugarh
ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ
author img

By

Published : Aug 7, 2022, 2:29 PM IST

মৰাণ,৭ আগষ্ট : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে । কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ।

ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ

ডিব্ৰুগড় জিলাত ব্ৰহ্মপুত্ৰৰ বুকুয়েদি একাংশ দুষ্টচক্ৰই কাঠৰ চোৰাং বেহা অব্যাহত ৰাখিছে (Smuggling of wood by waterways in Dibrugarh)। কিন্তু এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই বন বিভাগে । দীৰ্ঘদিনৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ বুকুয়েদি বন বিভাগৰ চকুত ধূলি দি এচাম অসাধু চক্ৰই অবৈধভাৱে মূল্যৱান কাঠৰ কুণ্ডাৰ ৰমৰমীয়া বেহা চলাই গৈছে । কিন্তু পৰিতাপৰ বিষয় যে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে ।

তেনে সময়তে ডিব্ৰুগড় চহৰৰ পৰা নিলগৰ মাইজান ঘাট আৰু পাঁচআলিৰ ব্ৰহ্মপুত্ৰ ঘাটত অবৈধ কাঠৰ কুণ্ডাৰ ৰমৰমীয়া বেহা চলি আছে । ব্ৰহ্মপুত্ৰ নদীৰ পৰা ট্ৰাকে ট্ৰাকে অবৈধ কুণ্ডা সৰবৰাহ কৰিছে চোৰাং কাঠ সৰবৰাহকাৰী এক বৃহৎ চক্ৰই । যি চক্ৰক বাধা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে ডিব্ৰুগড়ৰ বন বিভাগ ।

ডিব্ৰুগড় বন বিভাগৰ এনে নিৰ্লিপ্ততাক প্ৰকৃতিপ্ৰেমী ব্যক্তিৰ লগতে সচেতন মহলে ধিক্কাৰ প্ৰদান কৰিছে । দৈনিক সৰবৰাহ হৈ থকা এনে কাঠৰ কুণ্ডাসমূহ ক'ৰ পৰা কোনে আনে আৰু ক'লৈ যায় এতিয়াও জ্ঞাত নহয় বিয়াগোম বন বিভাগ । এই ক্ষেত্ৰত ডিব্ৰুগড় বন বিভাগক আৰক্ষীৰ সহায়ত উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক :Ganja seized in Nalbari: গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.