মৰাণ, 6 অক্টোবৰ : সমাগত ২১ৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলত যোগদান কৰি দলৰ সুবিধা লাভ কৰাৰ এক অঘোষিত প্ৰতিযোগিতা আৰম্ভ হৈছে অসমত । কোনোবাই যদি ৰাজহুৱাকৈ কোনো দলত যোগদান কৰিছে,আন কোনোবাই গোপনে যোগদান কৰি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । অসমত এনেবোৰ বিষয়ৰ চৰ্চা চলি থকাৰ মাজতে স্বদেশ আৰু স্বজাতিৰ গীত গাই জনপ্ৰিয় হৈ পৰা শিল্পী বিপিন চাউদাঙে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ মাধ্যমত খবৰ ওলোৱাৰ সময়তে এখন ফটোৱে ব্যাপক চৰ্চা লাভ কৰিছে ফেচবুকত। ফটোখনত শিল্পীজনে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কাষত বহি খোৱাঙৰ এজন সাংবাদিকৰ বাসগৃহত এক আলোচনাত মিলিত হোৱা দেখা গৈছে । একাংশ বিজেপি কৰ্মকৰ্তাক কাষত লৈ তোলা এই আলোচনা সদৃশ চিত্ৰখনে শিল্পীজন বিজেপিৰ প্ৰতি ধাৱমান হোৱাৰ ইংগিত দিছে বুলি সামাজিক মাধ্যমত বহুজনে মন্তব্য কৰিছে । ইয়াৰ পূৰ্বেও শিল্পী বিপিন চাউদাঙে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ ধৰাৰ লগতে লেঙেৰীত টিংখাং সমষ্টিৰ বিজেপিৰ বিধায়ক বিমল বড়াৰ সৈতে এক আলোচনাত বহাৰ কথা প্ৰচাৰ মাধ্যমত চৰ্চিত হৈছিল । কিন্তু ইয়াৰ পিছতে শিল্পীজন এই প্ৰতিবেদকৰে হোৱা বাৰ্তালাপত তেওঁ বিজেপিত যোগদান নকৰে বুলি স্পষ্ট কৰি দিছিল । 'কা' আন্দোলনৰ বিভিন্ন সভাত উদাত্ত ভাষণ আৰু স্বদেশ প্ৰেমমূলক গীত গাই ৰাইজৰ মাজত আপোন হৈ পৰা শিল্পী গৰাকী ৰাষ্ট্ৰীয়তাবাদী দলৰ একাংশ মন্ত্ৰী আৰু বিধায়কৰ লগত আলোচনা সদৃশ ফটো ভাইৰেল হৈ পৰাত বহুজনৰ মনত প্ৰশ্ন উদয় হৈছে । বহুতৰ মতে বিজেপি দলৰ পৰা যিকোনো এটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিছে বিপিনে । শিল্পী সত্বাৰ জনপ্ৰিয়তাৰ বাবে যিকোনো সমষ্টিৰ পৰাই তেওঁ সহজে জয়ী হোৱাৰ সম্ভাৱনা আছে বুলি অনুধাৱন কৰি কোনো নিৰ্দিষ্ট সমষ্টিৰ দাবীদাৰ নহয় যদিও ডিব্ৰুগড়,চৰাইদেউ, শিৱসাগৰ জিলাৰ কোনো এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে বিপিন চাউদাং ।
ৰাজনৈতিক খবৰ ৰখা সকলে মৰাণ সমষ্টিৰ টিকটৰ বাবে তেওঁ মন্ত্ৰী সাংসদৰ পাছে পাছে ঘূৰিছে বুলি প্ৰচাৰ কৰিছে যদিও শিল্পী বিপিন চাউদাঙে কি উদ্দেশ্যেৰে একাংশ বিজেপিৰ মন্ত্ৰী,বিধায়কৰ কাষ চাপিছে সেয়া সময়তহে স্পষ্ট হৈ পৰিব ।
লগতে পঢ়ক: মাছ,গাহৰি পালনেৰে স্বাৱলম্বীতাৰ পথ বাচি লোৱা এটা আত্নসহায়ক গোট