ETV Bharat / state

মিচিং জনগোষ্ঠীয় বিগ বাজেট ছবি ‘Makkorang’ৰ শুভ মহুৰত - ডিব্ৰুগড়ত মিচিং ছবিৰ শুভ মহুৰত

ডিব্ৰুগড়ৰ বগীবিল সমীপৰ হালধিবাৰী গাঁৱত মিচিং জনগোষ্ঠীয় ছবি ‘মাক্কৰাং’(Mising film Makkorang)ৰ শুভ মহুৰত(Shubh muhurat of Makkorang) সম্পন্ন ৷ মিচিং জনগোষ্ঠীৰ সহজ-সৰল লোকৰ পটভূমিৰ আধাৰত নিৰ্মাণ কৰা হ’ব এই ছবিখন । মাক্কৰাং হৈছে মিচিং চলচ্চিত্ৰ উদ্যোগ (Mising Film Industry)ৰ অন্যতম বিগ বাজেট ছবি ৷

shubh muhurat of mishing film makkorang in dibrugarh
মিচিং ছবি মাক্কৰাংৰ শুভ মহুৰত
author img

By

Published : Nov 30, 2021, 10:41 AM IST

মৰাণ, 30 নৱেম্বৰ : কৰ’ণাসৃষ্ট পৰিস্থিতি ক্ৰমাৎ শাম কটাৰ লগে লগে অসমীয়া চলচ্চিত্ৰ উদ্যোগ(Assamese Film Industry)ৰ সমান্তৰালকৈ জনগোষ্ঠীয় চলচ্চিত্ৰ উদ্যোগলৈও আহিছে সু-খবৰ ৷ কোমল ভাইটি আৰু ৰেঙাম ৰাজেনৰ পৰিচালনাত নিৰ্মাণ হ’ব মিচিং ছবি ‘মাক্কৰাং’(Mising film Makkorang) ৷ এই সন্ধিক্ষণত দেওবাৰে ছবিখনৰ শুভ মহুৰত(Shubh muhurat of Makkorang) কাৰ্য সম্পন্ন হয় ৷

ডিব্ৰুগড়ৰ বগীবিল সমীপৰ হালধিবাৰী গাঁৱত অনুষ্ঠিত হোৱা এক গাম্ভীয্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ শুভ মহুৰত কাৰ্যত ভাগ লয় মিচিং আৰ্টিষ্ট এছ’চিয়েশ্যনৰ সভাপতি তথা অভিনেতা বাবা দলেই । ক’ভিডৰ বাবে মিচিং কলা-কুশলীসকল যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে ।

মিচিং ছবি মাক্কৰাংৰ শুভ মহুৰত

শেহতীয়াকৈ পৰিস্থিতি স্বাভাৱিক হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ছবি নিৰ্মাণৰ পৰিৱেশ ঘূৰি অহাৰ বাবে এই ছবিখনৰ কাম আগবঢ়োৱা বুলি সভাপতি তথা অভিনেতা বাবা দলেই সদৰি কৰে । আনহাতে, মিচিং অধ্যুষিত অঞ্চলত মিনি ছবিগৃহ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সভাপতিগৰাকীয়ে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং আৰ্টিষ্ট এছ’চিয়েশ্যন(Mising Artist Association)ৰ সম্পাদক ফিৰোজ পেগু, শক্তি টায়েঙকে ধৰি ছবিখনত জড়িত কলা-কুশলীসকল ।

মহেশ দলেৰ প্ৰযোজনাত মিচিং জনগোষ্ঠীৰ সহজ-সৰল লোকৰ পটভূমিক লৈ নিৰ্মাণ কৰা হ’ব এই ছবিখন । মাক্কৰাং অৰ্থাৎ ‘অজলা’ লোকক কিদৰে গুৰুত্বহীন কৰা হয় আৰু পৰৱৰ্তী সময়ত সমাজে ‘অজলা’ বুলি স্বীকৃতি দিয়া সেই লোকজনে সমাজখনৰ এজন আদৰ্শৱান ব্যক্তি হ’ব পাৰে তাকেই উপস্থাপন কৰিব বিচৰা হৈছে এই ছবিখনৰ জৰিয়তে ৷

shubh muhurat of mishing film makkorang in dibrugarh
মিচিং ছবি মাক্কৰাংৰ শুভ মহুৰত

বসন্ত চুংক্ৰাঙৰ কাহিনীৰে নিৰ্মাণ হ’বলগীয়া ছবিখনত থাকিব তিনিটাকৈ গীত । আটাইকেইটা গীতেই অৰুণাচল, শ্বিলং আদিৰ দৰে মনোমোহা স্থানত দৃশ্যগ্ৰহণ কৰা হ’ব । মিচিং চলচ্চিত্ৰ উদ্যোগ(Mising Film Industry)ৰ বিগ বাজেটৰ এই ছবিখনত লগতে থাকিব একশ্যন, ৰোমেঞ্চ আৰু কমেডী ।

দৰ্শকে ছবিখনত এক সুন্দৰ বাৰ্তা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিচালকদ্বয়ে । ছবিখনত অভিনয় কৰিছে মোহময়ী অভিনেত্ৰী মেনাম স্মৃতি, ডিম্পল দলে, বসন্ত কুলিকে ধৰি ভালেকেইগৰাকী ন-পুৰণি কলা-কুশলীয়ে ।

লগতে পঢ়ক : Superstar Sanjay Dutt in Dibrugarh: অৰুণাচলৰ সোণালী জয়ন্তী উৎসৱত অংশ ল’ব মুন্নাভায়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.