ETV Bharat / state

২৭ বছৰে প্ৰাদেশীকৰণ নহ'ল চাচনী কনিষ্ঠ মহাবিদ্যালয় - উচ্চতৰ মাধ্যমিক

২০১২ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত এই কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্তয়ে লাভ কৰিছিল অসমৰ ভিতৰত পঞ্চম স্থান ।

SASONI JUNIOR COLLEGE STORY
২৭ বছৰে প্ৰাদেশীকৰণ নহ'ল এশ শতাংশ উত্তীৰ্ণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা চাচনী কনিষ্ঠ মহাবিদ্যালয়ৰ
author img

By

Published : Jul 6, 2020, 7:53 AM IST

ডিব্ৰুগড়, 6 জুলাই : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া চাচনী কনিষ্ঠ মহাবিদ্যালয়খন স্থাপনৰ ২৭ বছৰৰ পাছতো কৰা নহ'ল প্ৰাদেশীকৰণ ৷ মহাবিদ্যালয়খনে বিগত কেইবাবছৰ ধৰি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এশ শতাংশৰে উত্তীৰ্ণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিছে ৷ কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ অৰুণ চাংমাইয়ে জানিবলৈ দিয়া মতে প্ৰায় ৮৫ খন ৰাজহ গাঁৱৰ চহা খেতিয়কৰ সন্তানৰ মেধাশক্তিক মূল হিচাপে লৈ উজ্বলি উঠা মহাবিদ্যালয়খনে বহু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈয়ে প্ৰদান কৰি আহিছে শিক্ষা। প্ৰায় ১০ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ৫ জন কৰ্মকৰ্তাৰে শিক্ষাদান কৰা এই শিক্ষানুষ্ঠানখনৰ ওপৰত অঞ্চলটোৰ প্ৰতিজন ব্যক্তিৰে আছে আস্থা আৰু মৰম ৷ ৰাইজৰ এই আদৰৰ বাবেই শিক্ষক শিক্ষয়িত্ৰীসকলেও যথেষ্ট কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা দিবলৈ চেষ্টা কৰি আহিছে ।

২৭ বছৰে প্ৰাদেশীকৰণ নহ'ল এশ শতাংশ উত্তীৰ্ণৰ ধাৰাবাহিকতা অক্ষুন্ন ৰখা চাচনী কনিষ্ঠ মহাবিদ্যালয়ৰ

মুঠ ৪৫ বিঘা মাটিত অৱস্থিত গছ-গছনিৰে ভৰপূৰ আশ্ৰম যেন শান্ত পৰিৱেশ মহাবিদ্যালয়খনৰ ৷ চৌহদৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰকৃতিৰ কোলাত জীৱন গঢ়াৰ সুবিধা লাভ কৰিছে এই মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে । বিগত ২০১২ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত কলা শাখাত এই কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্তয়ে লাভ কৰিছিল অসমৰ ভিতৰত পঞ্চম স্থান। এখন কনিষ্ঠ মহাবিদ্যালয়ৰ মাজত থাকিবলগীয়া সকলো ধৰণৰ ব্যৱস্থা থকা সত্বেও এই কনিষ্ঠ মহাবিদ্যালয়খনে বৰ্তমান পৰ্যন্ত লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী সাহাৰ্য । অত্যন্ত পিছপৰা অঞ্চলত থকা এই কনিষ্ঠ মহাবিদ্যালয়খনে শিক্ষাদানৰ বাবে বহু ক্ষেত্ৰত অসুবিধাৰো সন্মুখীন হোৱা দেখা গৈছে । বছৰটোৰ প্ৰায়ভাগ দিনতে কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই দৰমহা ।

চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি অঞ্জন জ্যোতি নেওঁ‌গে জানিবলৈ দিয়ামতে মহাবিদ্যালয়খনে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক সঠিক পথ দেখুৱাবলৈ শিক্ষানুষ্ঠানখনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে বিনা বেতনে কষ্ট কৰি আহিছে । কিন্তু আজিলৈকে মহাবিদ্যালয়খনত অধ্যয়নৰত কোনো শিক্ষাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰত পাবলগীয়া সা-সুবিধাসমূহ চৰকাৰৰ পৰা পোৱা নাই ৷ চৰকাৰ তথা শিক্ষা বিভাগে মহাবিদ্যালয়খনৰ শিক্ষাৰ দিশ আৰু মানৰ ওপৰত লক্ষ্য ৰাখি শীঘ্ৰে প্ৰাদেশীকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি উল্লেখ কৰিছে অঞ্জন জ্যোতি নেওঁ‌গে ।

লগতে পঢ়ক : অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ নিষেধ তাজমহলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.