ETV Bharat / state

বিক্ৰীৰ অভাৱত গেলিছে হাজাৰ হাজাৰ ৰঙালাও !

author img

By

Published : Apr 11, 2020, 4:54 PM IST

যি সময়ত একাংশ শিক্ষিত নিবনুৱা যুৱকে চাকৰিৰ পিছত দৌৰি আছে তেনে সময়তে ডিব্ৰুগড়ৰ খোৱাং চেৰেপাখাতিৰ বিনয় দাসে দিন ৰাতি একাকাৰ কৰি কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী হোৱাৰ পথত অগ্ৰসৰ হৈছিল । এই বছৰ যুৱক জনে প্ৰায় ১৭ বিঘা মাটিত এই ৰঙালাও খেতি কৰাৰ ওপৰিও তেওঁ কিছু পৰিমাণে গোমধান আৰু বেঙেনা খেতি কৰিছে । কিন্তু লক্ ডাউনৰ বাবে এতিয়া ৰঙালাওবোৰ বিক্ৰী কৰিব পৰা নাই যুৱকজনে ৷

pumpkin goes damage due to lock down
pumpkin goes damage due to lock down

মৰাণ, 11 এপ্ৰিল : বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰী কৰ'ণাই ভয়াবহ ৰূপ ধাৰণ কৰাত কেন্দ্ৰীয় চৰকাৰে যি ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছে, এই লক ডাউনৰ বাবে এতিয়া আন সকল কৃষকৰ সমান্তৰালকৈ ডিব্ৰুগড়ৰ খোৱাং চেৰেপাখাতিৰ বিনয় দাসো অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে।

বিক্ৰীৰ অভাৱত গেলিছে হাজাৰ হাজাৰ ৰঙালাও

ৰাজ্যৰ বজাৰ সমূহ বন্ধ হৈ পৰাত এতিয়া বিনয় দাসৰ হাজাৰ হাজাৰ ৰঙালাও ঘৰত বিক্ৰীৰ বাবে সাজু কৰি থোৱা অৱস্থাতে গেলিবলৈ আৰম্ভ কৰিছে । লগতে অন্যান্য শাক পাচলি সমূহো পথাৰতে নষ্ট হৈছে । ফলত খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল চলোৱা বিনয় দাসৰ ঘৰত এতিয়া হাহাকাৰ অৱস্থা । এই পৰ্যন্ত খেতি কৰোঁতে খৰচ হোৱা মূলধন খিনি ৰঙালাও বিক্ৰী কৰি পোৱা নাই বুলি জানিবলৈ দিয়ে যুৱকজনে । তেওঁ এই খেতিৰ জৰিয়তে আন কেইবাটাও পৰিয়ালক জীৱিকাৰ পথ দিছিল যদিও আজি এই অৱস্থাত তেওঁৰ খেতিতে নিৰ্ভৰশীল পৰিয়াল কেইটাইও এসাঁজ ভাত খাবলৈ হাহাকাৰ কৰিব লগা হৈছে ।

ইয়াৰ ওপৰিও কম বেছি পৰিমাণে উৎপাদিত হোৱা খোৱাং দলনিকোৰ, চেনিমাৰী, হালধিবাৰী, মইনা গাঁও, কোঁৱৰ গাঁও, চেতিয়া গাঁও, বৰবিল, খলিহামাৰী আদি গাঁৱৰ প্ৰায় সংখ্যক কৃষকৰে এতিয়া ৰবি শস্য গেলিবলৈ ধৰিছে । যাৰ ফলত কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৃষক সকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে । এনে অৱস্থাত কৃষক সকলে এতিয়া দুবেলা দুমুঠি আহাৰৰ বাবেও চিন্তা কৰিবলগীয়া হৈছে । সেয়ে কৃষক সকলে চৰকাৰক তেওঁলোকৰ এই সমূহ ৰঙালাও লগতে ৰবিশস্য সমূহ বিক্ৰী কৰিব পৰাকৈ এক কাৰ্যব্যৱস্থা হাতত লবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : লক ডাউনৰ সময়সীমাক লৈ মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.