ETV Bharat / state

মানবীয়তাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ পূজাশ্ৰী বৃদ্ধাশ্ৰমে - নগাঁৱৰ বিপুল গোস্বামী

দেওবাৰে আশ্ৰমখনতে বাৰ্ধক্যজনিত কাৰণত মৃত্যুক সাৱতি লোৱা এগৰাকী বৃদ্ধক নিজা ববীয়াকৈ সৎকাৰ কৰে পূজাশ্ৰী বৃদ্ধাশ্ৰমে ৷ মৃত বদ্ধজনৰ সৎকাৰৰ বাবে পৰিয়ালৰ কোনো লোক আগবাঢ়ি নহাত এই সিদ্ধান্ত গ্ৰহণ কৰে বৃদ্ধাশ্ৰম খনে ৷

pujashri-old-age-home-shows-humanity-once-again
মানবীয়তাৰ চুড়ান্ত নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ পূজাশ্ৰী বৃদ্ধাশ্ৰমে
author img

By

Published : Jan 17, 2021, 9:25 PM IST

মৰাণ,17 জানুৱাৰী: পুনৰবাৰ মানৱীয়তাৰ অনন্য নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ লেকাইস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমে ৷ পৰিয়ালৰ অৱহেলাৰ পাত্ৰ হৈ দেওবাৰে আশ্ৰমখনতে বাৰ্ধক্যজনিত কাৰণত মৃত্যুক সাৱতি লোৱা নগাঁৱৰ বিপুল গোস্বামী নামৰ লোকজনক নিজাববীয়াকৈ সৎকাৰ কৰিলে পূজাশ্ৰী বৃদ্ধাশ্ৰমে ৷ ব্যক্তি জনৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতো সৎকাৰ তথা শেষ নীতি নিয়ম কৰিবলৈ তেখেতৰ পৰিয়ালৰ কোনো এজন লোক আহি উপস্থিত নোহোৱাত অৱশেষত পূজাশ্ৰী বৃদ্ধাশ্ৰমে নিজা শ্মশানতে নিজেই দায়িত্ব লৈ সৎকাৰ কৰে বৃদ্ধজনৰ ৷

মানবীয়তাৰ চুড়ান্ত নিদৰ্শন দাঙি ধৰিলে ডিব্ৰুগড়ৰ পূজাশ্ৰী বৃদ্ধাশ্ৰমে

উল্লেখ্য যে,স্বৰ্গীয় বিপুল গোস্বামীক পৰিয়ালৰ লোকে 6 মাহৰ পূৰ্বে বৃদ্ধাশ্ৰম খনত ৰাখি থৈ গৈছিল ৷ কিন্তু তাৰ পাছৰে পৰা কোনোধৰণৰ খবৰ নাছিল পৰিয়ালৰ ৷ বৃদ্ধজনৰ মৃত্যুৰ পাছতে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে আশ্ৰম খনৰ কৰ্তৃপক্ষই ৷ যাতে এইসকল উপেক্ষিত তথা অৱহেলিত বৃ্দ্ধ-বৃদ্ধাক জীৱনৰ শেষ সময়খিনিত ভালদৰে সেৱা কৰিব পাৰে ৷

উল্লেখনীয় যে, 2017 চনতে স্থাপিত বৃদ্ধাশ্ৰম খনে প্ৰতিষ্ঠা কালৰে পৰা সমাজ আৰু পৰিয়ালৰ পৰা অৱহেলিত বৃদ্ধ বৃদ্ধাসকলক সেৱা শুশ্ৰূষা কৰি এক প্ৰকাৰৰ মানৱীয়তাৰ পৰিচয় দাঙি ধৰি আহিছে ৷ আনকি পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ গৰাকীয়ে বৃদ্ধাশ্ৰম খনত মৃত্যু হোৱা লোকৰ সৎকাৰৰ বাবে নিজৰ 1 বিঘা মাটিও দান কৰিছে ৷ কিন্তু সমাজৰ পৰা এলাগি হোৱা বৃদ্ধ-বৃদ্ধা সকলক এষাৰ মাত দিবৰ বাবে আজিলৈকে আশ্ৰমখনত কোনো এজন জনপ্ৰতিনিধি উপস্থিত হোৱা নাই বুলি ক্ষোভ প্ৰকাশ কৰে আশ্ৰম খনৰ কৰ্তৃপক্ষই ৷ এতিয়া এই আশ্ৰম খনলৈ স্থানীয় বিধায়ক ৰিতুপৰ্ন বৰুৱাৰ চকু পৰিবনে নাই সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ সাহিত্য অকাডেমীৰ ভাষাৰ বঁটা প্ৰাপক বিদৰ ছিং ক্ৰ’ৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.