ETV Bharat / state

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ পূজাশ্ৰী বৃদ্ধাশ্ৰম - ক’ভিড প্ৰতিশেধক

ক’ভিড প্ৰতিষেধক লোৱাৰ নামত বিপাঙত পৰিছে ডিব্ৰুগড়ৰ লেকাই থাকুৰথানস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকল ৷ নিজা প্ৰমাণপত্ৰ অবিহনে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ক’ভিড প্ৰতিষেধক দিবলৈ প্ৰস্তুত নহয় স্বাস্থ্য বিভাগ ৷ ইফালে বৃদ্ধাশ্ৰমলৈ যোৱা বিধ্বস্ত পথচোৱাৰ বাবে যমৰ-যাতনা ভূগিছে বৃদ্ধাশ্ৰমৰ আৱাসীসকলে ৷

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰৰ পূজাশ্ৰী বৃদ্ধাশ্ৰম

author img

By

Published : May 20, 2021, 9:04 AM IST

মৰাণ,20 মে’: বিপাঙত পৰিছে ডিব্ৰুগড়ৰ লেকাই থাকুৰথানস্থিত পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকল ৷ চৰকাৰে বৃদ্ধসকলৰ বাবে বহু আঁচনি তথা বিভিন্ন সা-সুবিধা ঘোষণা কৰিছে, যদিও সেই সুবিধা লাভ কৰা নাই পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকল ৷ এই অভিযোগ উত্থাপন কৰিছে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসী তথা স্বত্বাধিকাৰীয়ে ৷

বৃদ্ধাশ্ৰমৰ স্বত্বাধিকাৰী গৰাকীয়ে অভিযোগ কৰা অনুসৰি, বৃদ্ধাশ্ৰমলৈ যোৱা বিধ্বস্ত পথচোৱা নিৰ্মাণৰ বাবে পূৰ্বে বহুবাৰ আবেদন কৰা হৈছিল ৷ কিন্তু আধাৰশিলা নিৰ্মাণতে সীমাবদ্ধ হৈ থাকিল পথচোৱাৰ নিৰ্মাণৰ কাম । আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল বিধ্বস্ত পথচোৱাৰ নিৰ্মাণ কাৰ্য ৷

চৰকাৰী সুবিধাৰ পৰা বঞ্চিত ডিব্ৰুগড়ৰ পূজাশ্ৰী বৃদ্ধাশ্ৰম

সম্প্ৰতি ক’ভিড প্ৰতিষেধক লোৱাৰ নামটো বৃদ্ধাশ্ৰমৰ আৱাসীসকল পৰিছে বিপাঙত ৷ কিয়নো প্ৰতিষেধক ল’বলৈ হ’লে এগৰাকী নাগৰিকৰ যি সমূহ প্ৰমাণপত্ৰৰ প্ৰয়োজন, সেয়া মজুত নাই আৱাসীসকলৰ ৷ সেয়ে ক’ভিড প্ৰতিষেধক লোৱাৰ ক্ষেত্ৰতো যমৰ-যাতনা ভূগিব লগা হৈছে অৰ্ধ শতাধিক আৱাসীয়ে ৷ এইক্ষেত্ৰত চৰকাৰৰ লগতে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নজৰ দিবলৈ আহ্বান জনাইছে পূজাশ্ৰী বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ লগতে স্বত্বাধিকাৰীয়ে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ৰ কাৰাগাৰত ক’ভিড আক্ৰান্ত হৈছে অৰ্ধ শতাধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.