ডিব্ৰুগড়, 20 নৱেম্বৰঃ ৰাজ্যত অব্যাহত আছে মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে প্ৰতিবাদ ৷ সমান্তৰালকৈ প্ৰতিবাদত কঁপিল মুখ্যমন্ত্ৰীৰ গৃহ জিলাও ৷ মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ মহিলা ৷ ইতিমধ্যে বিভিন্ন মাইক্ৰ’ফাইনেঞ্চৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হৈছে ৰাজ্যৰ বহু পৰিয়াল ৷ আনহাতে, ঋণৰ কিস্তি দিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি লৈছে বহু ভুক্তভোগী পৰিয়ালে ৷
বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত পাঁচ সহস্ৰাধিক মহিলাই ডিব্ৰুগড় খনিকৰৰ পৰা সমদল কৰি আহি ডিব্ৰুগড়ৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় ৷ লগতে ৰাজপথত বহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰে প্ৰতিবাদী সভাৰ ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা ধৈৰ্য কোঁৱৰসহ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে বুধবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত ৷